নিউজ ডেস্ক, 31 ডিচেম্বৰ :কৰ‘ণা মহামাৰীৰ বাবে বিশ্বজুৰি হৈ থকা মৃত্যু আৰু সংক্ৰমণৰ ফলত বহু সংখ্যক খেলুৱৈয়ে সংবেদনশীলতা প্ৰদৰ্শন কৰাৰ বিপৰীতে আন একাংশই প্ৰশাসনৰ নিৰ্দেশনাৰ প্ৰতি ভেঙুচালি প্ৰদৰ্শন কৰি পাৰ্টিৰ আয়োজন কৰা পৰিলক্ষিত হৈছে ৷ এনে এক ঘটনাৰ সৈতে সদ্যহতে নাম সাঙুৰ খাইছিল ব্ৰাজিলৰ ষ্টাৰ ফুটবল খেলুৱৈ নেইমাৰৰ নাম ৷ অভিযোগ অনুসৰি নেইমাৰে প্ৰায় 150 গৰাকী অতিথিৰ সৈতে নতুন বছৰ উপলক্ষে এক সপ্তাহৰ বাবে পাৰ্টিৰ আয়োজন কৰিছিল ৷ যাকে লৈ সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ সমালোচনাৰ ৷
সম্প্ৰতি নেইমাৰৰ প্ৰতিনিধি সকলে খেলুৱৈগৰাকীক এই সমালোচনাৰ পৰা আঁতৰত ৰখাৰ চেষ্টা কৰিছে ৷ নেইমাৰৰ মুখ্য মুখপাত্ৰ ডে ক্ৰেস্পিয়ে বুধবাৰে এক ভাষ্য প্ৰদান কৰ কয় যে, খেলুৱৈ গৰাকী পাৰ্টি হোৱা সময়ত ৰিঅ‘ ডি জেনিৰিঅ'ৰ সেই স্থানত উপস্থিত নাছিল ৷