স্পৰ্টছ ডেস্ক, 18 ডিচেম্বৰ :বেয়াৰ্ন মিউনিখ আৰু পোলেণ্ড ষ্ট্ৰাইকাৰ ৰবাৰ্ট লেৱানডাউস্কীয়ে ক্ৰিষ্টিয়ানো ৰ'নাল্ডো আৰু লিয়নেল মেছীক পৰাস্ত কৰি ফিফাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰিছে ৷ আনহাতে, মানচেষ্টাৰ চিটী আৰু ইংলেণ্ডৰ ডিফেণ্ডাৰ লুচী ব্ৰঞ্জে লাভ কৰিছে শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ সন্মান ৷ ক'ভিড-19 ৰ বাবে এই অনুষ্ঠান ভাৰ্চুৱেল মাধ্যমেৰে আয়োজন কৰা হয় ৷
দুয়োগৰাকী খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে ফিফাৰ শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই সন্মান লাভ কৰা ব্ৰঞ্জ পঞ্চমগৰাকী খেলুৱৈ কিয়নো আমেৰিকাৰ কাৰ্লি লয়ডৰ পাচৰ পৰা প্ৰতিবছৰে এই সন্মান মহিলা শাখাত পৃথক খেলুৱৈয়ে লাভ কৰিছে ৷ আনহাতে, ৰ'নাল্ডো, মেছী আৰু ৰিয়েল মাদ্ৰিদৰ মিডফিল্ডাৰ লুকা মুড্ৰিকৰ পাছত লেৱানডাউস্কীয়ে হৈছে এই সন্মান লাভ কৰা তৃতীয়গৰাকী পুৰুষ খেলুৱৈ ৷