অসম

assam

ETV Bharat / sports

2022 ফিফা বিশ্বকাপৰ বাবে কাটাৰত সম্পূৰ্ণ তৃতীয়খন ষ্টেডিয়াম

কাটাৰত অনুষ্ঠিত হ'ব 2022 বৰ্ষৰ ফিফা বিশ্বকাপ । ইতিমধ্যে এই বিশ্বকাপ আয়োজনকলৈ নতুন কৃতিত্ব দেশখনৰ । 2017, 2019 ৰ পাচত 2020 ত তৃতীয়খন ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ ।

By

Published : Jun 6, 2020, 7:54 PM IST

Qatar fifa world cup stadium unveil
Qatar fifa world cup stadium unveil

স্পৰ্টছ ডেস্ক, 6 জুনঃ কাটাৰত অনুষ্ঠিত হ'বলগীয়া 2022 ফিফা বিশ্বকাপৰ বাবে ইতিমধ্যে সাজু তৃতীয়খন ষ্টেডিয়াম । ষ্টেডিয়াম নিৰ্মাণ কাৰ্যৰ কাম সম্পূৰ্ণ কৰাৰ কথা ঘোষণা সুপ্ৰিম কমিটি ফৰ ডেলিভাৰি এণ্ড লিগেছী কাটাৰ ফাউণ্ডেচনৰ । এই ফাউণ্ডেচনৰ মতে, এজুকেশ্বন চিটিত নিৰ্মিত এই ষ্টেডিয়ামৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰতেই সম্পূৰ্ণ কৰা হৈছে ।

ইয়াৰ পূৰ্বে 2017 চনত খলীফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম আৰু 2019 চনত অল জান'বা ষ্টেডিয়ামত কাম সম্পূৰ্ণ কৰা হৈছিল । ইতিমধ্যে দেশখনত ফিফা বিশ্বকাপ আয়োজনৰ বাবে সাজু হৈ উঠিছে তিনিখনকৈ ষ্টেডিয়াম ।

কাটাৰত অনুষ্ঠিত হ'ব 2022 বৰ্ষৰ ফিফা বিশ্বকাপ

তৃতীয়খন ষ্টেডিয়াম সম্পূৰ্ণ হৈ উঠাত অহা 15 জুনত এটা সমাৰোহৰ আয়োজন কৰা হ'ব । এই অনুষ্ঠানৰ পোন-পটিয়া সম্প্ৰচাৰো কৰা হ'ব জানিব পৰা গৈছে । এই অনুষ্ঠানতেই COVID-১৯ ৰ সংকটৰ সময়ত এই ষ্টেডিয়াম নিৰ্মাণ কাৰ্যত জড়িত সন্মুখৰ কৰ্মী সকলৰ অভূতপূৰ্ব বলিদানক স্মৰণ কৰা হ'ব । লগতে এই অনুষ্ঠানত COVID-১৯ পাচত ফুটবলৰ ভৱিষ্যত, মানসিক স্বাস্থ্য তথা অনুৰাগীৰ অভিজ্ঞতাৰ ওপৰতো আলোচনা কৰা হ'ব ।

2022 বৰ্ষত কাটাৰত আয়োজন কৰা হ'ব 17 সংখ্য়ক ফিফা বিশ্বকাপ । উল্লেখ্য় যে, পোন প্ৰথমবাৰৰ বাবে কোনো এখন এছিয়ান দেশে একাত্মক ভাৱে আয়োজন কৰিবলৈ গৈ আছে ফিফা বিশ্বকাপ প্ৰতিযোগিতা । COVID-১৯ য়ে ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্যত কিছু ব্যাঘাত জন্মাইছিল যদিও ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য সুকলমে সম্পূৰ্ণ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details