অসম

assam

By

Published : Mar 17, 2019, 3:16 PM IST

ETV Bharat / sports

কোন হ'ব আই এছ এলৰ নতুন চেম্পিয়ন ? খিতাপৰ যুঁজত আজি বেংগালুৰু এফ চি বনাম গোৱা

প্ৰথমবাৰৰ বাবে আই এছ এলৰ খিতাপ দখলৰ উদ্দেশ্যৰে মুম্বাইত মুখামুখি হ'ব বেংগালুৰু এফ চি বনাম গোৱা

খিতাপৰ যুঁজত আজি বেংগালুৰু এফ চি বনাম গোৱা

স্পৰ্টছ ডেস্ক, ১৭ মাৰ্চঃ মুম্বাই ফুটবল এৰেণাষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হ'ব আই এছ এলৰ পঞ্চম সংস্কৰণৰ চূড়ান্ত খেল। সন্ধ্যা ৭ বাজি ৩০ মিনিটত অনুষ্ঠিত হ'ব এই হাই ভল্টেজ মেচখন ।

খিতাপৰ যুঁজত আজি বেংগালুৰু এফ চি বনাম গোৱা

বেংগালুৰু এফ চিয়ে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু গোৱাই মুম্বাই চিটিক ছেমিফাইনেলত পৰাস্ত কৰি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হয় । বেংগালুৰু এফ চিয়ে প্ৰথমখন ছেমিফাইনেলত ২-১ গলত পৰাস্ত হয় যদিও দ্বিতীয়খন ছেমিফাইনেলত শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰি ৩-০ ৰে নৰ্থ ইষ্ট দলটোক পৰাস্ত কৰি বাহিৰ কৰিব সক্ষম হয় ফাইনেলৰ দৌৰৰ পৰা । বেংগালুৰুৱে মুঠ ৩-২ ব্যৱধানত জয় লাভ কৰে ছেমিফাইনেলত । আনহাতে গোৱাই প্ৰথমখন ছেমিফাইনেলত ৫-১ ৰে জয় লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন ছেমিফাইনেলত ১-০ ৰে পৰাস্ত হৈছিল যদিও মুঠ৫-২ গলত জয় লাভ কৰি গোৱাইফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হয় । এতিয়া সকলো ক্ৰীড়া প্ৰেমীৰ অপেক্ষা আজিৰ হাই ভল্টেজ মেচখনলৈ ।

ABOUT THE AUTHOR

...view details