অসম

assam

By

Published : Nov 2, 2019, 7:11 PM IST

ETV Bharat / sports

আই এছ এলত আজি হায়দৰাবাদ এফ চি বনাম কেৰালা ব্লাষ্টাৰ্ছ

হায়দৰাবাদৰ গৃহভূমিত আজি মুখামুখি হ’ব ঘৰুৱা দল হায়দৰাবাদ এফ চি আৰু কেৰালা ব্লাষ্টাৰ্ছ ৷

আই এছ এলত আজি হায়দৰাবাদ এফ চি বনাম কেৰালা ব্লাষ্টাৰ্ছ

স্পৰ্টছ ডেস্ক, 2 নৱেম্বৰ:শনিবাৰে জিএমচি বালায়োগী এথলেটিক ষ্টেডিয়ামত আই এছ এলৰ ষষ্ঠ সংস্কৰণত মুখামুখি হ’ব হায়দৰাবাদ এফ চি আৰু কেৰালা ব্লাষ্টাৰ্ছ ফুটবল দল ৷ সন্ধিয়া 7.30 বজাত অনুষ্ঠিত হ’ব মেচখন ৷ হায়দৰাবাদ দলটোৰ মূল লক্ষ্য হ’ব গৃহভূমিত আই এছ এলৰ ষষ্ঠ সংস্কৰণত প্ৰথমটো জয় লাভ কৰা ৷

হায়দৰাবাদ এফ চি বনাম কেৰালা ব্লাষ্টাৰ্ছ

হায়দৰাবাদ দলটোৰ মুখ্য প্ৰশিক্ষক ফিল ব্ৰাউনে কয়, দলটোৱে শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম ৷ বৰ্তমান লৈকে দলটোৱে নিজৰ পৰৱৰ্তী দুখন মেচত পৰাজয়ৰ সন্মুখীন হৈ পইণ্টছ তালিকাৰ অন্তিম স্থানত অৱস্থিত আছে ৷ ইপিনে পইণ্টছ টেবুলৰ সপ্তম স্থানত আছে কেৰালা ব্লাষ্টাৰ্ছ দলটো ৷ কেৰালা দলটোৱে দুখন মেচৰ এখন মেচত জয় লাভ কৰাৰ বিপৰীতে এখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে ৷

গতিকে এই মেচখনত কেৰালাৰ দলটোৱে হায়দৰাবাদক গৃহভূমিতে পৰাজয় কৰি পইণ্টছ টেবুলৰ শীৰ্ষত উপনীত হোৱাৰ চেষ্টা চলাব ৷ গতিকে দুয়োটা দলৰ মাজত এক উত্তেজনাপূৰ্ণ মেচ হোৱাৰ সম্ভাৱনা আছে ৷

ABOUT THE AUTHOR

...view details