নিউজ ডেস্ক,10এপ্ৰিলঃ ভাৰতৰ পুৰুষ ফুটবল দলে জুন মাহত থাইলেণ্ডত কিংছ্ কাপ নামৰ এখন নিমন্ত্ৰণীমূলক টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিব ৷ কিংছ্ কাপ হৈছে থাইলেণ্ড ফুটবল পৰিষদৰ দ্বাৰা 1968 চনৰ পৰা আয়োজন কৰা আৰু ফিফাৰ দ্বাৰা স্বীকৃতি লাভ কৰা আন্তৰ্জাতিক "এ" গ্ৰেডৰ এখন টুৰ্ণামেন্ট ৷ টুৰ্ণামেন্টৰ আটাইকেইখন মেচ থাইলেণ্ডৰ বুৰিৰাম ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷ ভাৰত আৰু থাইলেণ্ডৰ উপৰি ভিয়েটনাম আৰু কিউৰাচাওয়ে কিংছ্ কাপ টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিব ৷
থাইলেণ্ড থাইলেণ্ডত কিংছ্ কাপত অংশ ল'ব ভাৰতীয় ফুটবল দলে - ETV BHARAT
ভাৰতীয় ফুটবল দলে জুন মাহত থাইলেণ্ডত কিংছ কাপ টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিব ৷ এই টুৰ্ণামেন্টত ভাৰত, থাইলেণ্ডৰ উপৰিও শ্ল'ভাকিয়া আৰু কিউৰাচাওয়ে অংশগ্ৰহণ কৰিব ৷
INDIA MEN'S TEAM TO PLAY IN THAILAND
উল্লেখ্য যে, 2019 চনৰ এপ্ৰিল মাহত ঘোষিত ফিফা ৰেংকিঙ অনুসৰি ভাৰতৰ স্থান 101 সংখ্যক হোৱাৰ পৰিৱৰ্তে থাইলেণ্ডৰ 114, ভিয়েটনামৰ 98 আৰু কিউৰাচাওৰ 82 সংখ্যক ৷ ভাৰতে 1977 চনত শেষবাৰৰ বাবে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷ 2018 চনত শ্ল'ভাকিয়াই থাইলেণ্ডক 3-2 গ'লত পৰাস্ত কৰি এই কাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷