অসম

assam

By

Published : Jan 5, 2021, 2:08 PM IST

ETV Bharat / sports

আইএছএলত দুটাকৈ গ'লেৰে উজলিল হলিচৰণ নাৰ্জাৰী

আইএছএলত উজলিল অসমৰ ফুটবলাৰ হলিচৰণ নাৰ্জাৰী ৷ চেন্নাইয়ান এফ চিৰ বিৰুদ্ধে এখন মেচত হায়দৰাবাদ এফ চিৰ হৈ দুটাকৈ গ'ল দিলে নাৰ্জাৰীয়ে ৷

হলিচৰণ নাৰ্জাৰী
হলিচৰণ নাৰ্জাৰী

স্পৰ্টছ ডেস্ক, 5 জানুৱাৰী : আইএছএলৰ এখন মেচত দুটাকৈ গ'ল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অসম সন্তান ফুটবলাৰ হলিচৰণ নাৰ্জাৰীয়ে ৷ চেন্নাইয়ান এফ চিৰ বিৰুদ্ধে এখন মেচত এই সফলতা অৰ্জন কৰে হায়দৰাবাদ এফ চিৰ ফুটবলাৰগৰাকীয়ে ৷

হলিচৰণ নাৰ্জাৰী

নাৰ্জাৰীৰ দুটা গ'লৰ জৰিয়তে হায়দৰাবাদ দলে 4-1 ব্যৱধানত চেন্নাইয়ান এফ চিৰ বিৰুদ্ধে জয় সাব্যস্ত কৰে ৷ নাৰ্জাৰীৰ উপৰি দলটোৰ হৈ আন দুটা গ'ল কৰে জোয়েল চিয়ানীজ (50 মিনিট) আৰু জোৱাও ভিক্টৰে (74 মিনিট) ৷

আইএছএলত দুটাকৈ গ'লেৰে উজলিল হলিচৰণ নাৰ্জাৰী

আনহাতে, নাৰ্জাৰীয়ে 53 আৰু 79 মিনিটত দুটা গ'ল প্ৰদান কৰে ৷ চেন্নাইয়ান দলৰ হৈ একমাত্ৰ গ'লটো প্ৰদান কৰে অনিৰুদ্ধ থাপাই (67 মিনিট) ৷

2015 চনত ভাৰতীয় জ্যেষ্ঠ ফুটবল দলত অভিষেক ঘটোৱা নাৰ্জাৰী বৰ্তমান ভাৰতৰ শীৰ্ষ যুৱ ফুটবলাৰসকলৰ অন্যতম ৷ এই বছৰৰ আইএছএলত খেলুৱৈগৰাকীয়ে তেওঁৰ ইউং প্লে'ৰ জৰিয়তে নিজৰ কৌশল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷

হলিচৰণ নাৰ্জাৰী

উল্লেখ্য যে, হায়দৰাবাদ এফ চি দলত দুবছৰৰ বাবে চুক্তিবদ্ধ হোৱা 26 বৰ্ষীয় খেলুৱৈগৰাকী প্ৰশিক্ষক মানোলো মাৰ্কুৱেজ দলৰ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হৈছে ৷

2013 চনত গোৱা ক্লাৱৰ হৈ যোগদান কৰাৰ পূৰ্বে ডেম্পো এছ চিৰ হৈ তিনিটাকৈ ছিজনত অংশগ্ৰহণ কৰিছিল নাৰ্জাৰীয়ে ৷ 2015 চনত তেওঁ নৰ্থ ইষ্ট ইউনাইটেডৰ জৰিয়তে আইএছএলত অভিষেক ঘটায় ৷ 2018 চনত তেওঁ কেৰালা ব্লাষ্টাৰ্ছ আৰু 2019 চনত চেন্নাইয়ান এফ চিৰ হৈ আইএছএলত অংশগ্ৰহণ কৰে ৷ 2020 চনত তেওঁ হায়দৰাবাদ দলৰ সৈতে দুবছৰৰ বাবে চুক্তিবদ্ধ হয় ৷

পিতৃৰ দ্বাৰা অনুপ্ৰাণিত হৈ ফুটবলক পেছা হিচাপে গ্ৰহণ কৰা নাৰ্জাৰীয়ে নিজৰ ফুটবল কেৰিয়াৰ পিতৃক উছৰ্গা কৰে ৷ প্ৰশিক্ষক মাৰ্কুৱেজৰ সান্নিধ্য়ক প্ৰশংসা কৰি তেওঁ কয় যে, এয়া খুউব ভাল অভিজ্ঞতা ৷ স্পেইনৰ এজন বিখ্যাত ব্যক্তি হ'লেও মাৰ্কুৱেজে হায়দৰাবাদ দলৰ খেলুৱৈৰে বন্ধুত্বসূলভ স্বভাৱ প্ৰদৰ্শন কৰে ৷ তেওঁৰ প্ৰেৰণাতে দলে কষ্ট কৰিবলৈ শিকাৰ লগতে ছিজনটোও আমোদজনক হৈ পৰিছে বুলি মন্তব্য কৰে নাৰ্জাৰীয়ে ৷

আইএছএলক ভাৰতীয় ফুটবলাৰৰ বাবে শ্ৰেষ্ঠ প্লেটফৰ্ম বুলিও অভিহিত কৰে নাৰ্জাৰীয়ে ৷ তেওঁ কয় যে, ইয়াৰ দ্বাৰা তেওঁ নিজৰ কৌশল আৰু ফিটনেছ বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক :কাইলৈ হাস্পতালৰ পৰা মুক্তি লাভ কৰিব বিচিচিআইৰ সভাপতি গাংগুলীয়ে

ABOUT THE AUTHOR

...view details