অসম

assam

ETV Bharat / sports

চিৰাঙত ইন্দো-আফ্ৰিকান প্ৰিতি ফুটবল মেচ - AFRICAN XI

ফুটবল খেলক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে শুকুৰবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰী খেল পথাৰত আফ্ৰিকান একাদশ আৰু গোৰ্খা ব্ৰাদাৰ্ছৰ মাজত অনুষ্ঠিত কৰা হয় এক বন্ধুত্বপূৰ্ণ ফুটবল মেচ ৷

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত ইন্দো-আফ্ৰিকান প্ৰিতি ফুটবল মেচ

By

Published : Jul 26, 2019, 9:32 PM IST

চিৰাং, 26 জুলাইঃগোৰ্খা ব্ৰাদাৰ্ছৰ উদ্যোগত আৰু দেউশ্ৰী আৱাসিক কোচিং চেন্টাৰৰ সাহায্যৰ্থে চিৰাঙৰ ভাৰত-ভূটান সীমান্তত অনুষ্ঠিত কৰা হয় ইন্দো-আফ্ৰিকান প্ৰিতি ফুটবল মেচ ৷ খেলখনত আফ্ৰিকান একাদশে গোৰ্খা ব্ৰাদাৰ্ছ একাদশক ২-০ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ খেলখনত আফ্ৰিকান একাদশৰ হৈ ২৮ আৰু ৩২ মিনিটত চেমুৱেল বটেঙে দুটাকৈ গ’ল কৰি জয় নিশ্চিত কৰে দলটোৰ ৷

দুয়োখন দেশৰ খেলুৱৈৰে অনুষ্ঠিত হোৱা বন্ধুত্বপূৰ্ণ খেলখনত সদৌ ভাৰত ফুটবল সন্থাৰ বিষয়ববীয়া, অসম ফুটবল সন্থাৰ উপ-সভাপতি বলোৰাম ব্ৰহ্ম, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) ৰ সভাপতি প্ৰেম তামাং, মানৱ অধিকাৰ আৰু সামাজিক ন্যায়, অসমৰ অধ্যক্ষ মাধৱ ছেত্ৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত ইন্দো-আফ্ৰিকান প্ৰিতি ফুটবল মেচ

এই ফুটবল খেলৰ জৰিয়তে দেউশ্ৰিত গোৰ্খা ব্ৰাদাৰ্ছ ফুটবল ক্লাৱ নামেৰে এটা ফুটবল দলৰ আৱিৰ্ভাৱ ঘটাৰ লগতে দেউশ্ৰিত ফুটবল প্ৰশিক্ষণ কেন্দ্ৰও স্থাপন কৰা হয় ।

ABOUT THE AUTHOR

...view details