অসম

assam

By

Published : May 16, 2020, 4:12 PM IST

ETV Bharat / sports

বৰ্ষশ্ৰেষ্ঠ বঁটা প্ৰদান অনুষ্ঠান পিছুৱালে ফিফাই

চেপ্তেম্বৰৰ 21 তাৰিখে মিলানত অনুষ্ঠিত হ'ব লগীয়া ফিফাৰ বৰ্ষশ্ৰেষ্ঠ বঁটা প্ৰদান অনুষ্ঠান পিছুৱাই দিয়া হৈছে । কৰ'ণা ভাইৰাছ সংকট কালত সৃষ্টি হোৱা অনিশ্চয়তাৰ বাবেই বিশ্ব ফুটবল পৰিচালনা সমিতিয়ে এই সিদ্ধান্ত লয় ।

বৰ্ষশ্ৰেষ্ঠ বঁটা প্ৰদান অনুষ্ঠান পিছুৱালে ফিফাই
বৰ্ষশ্ৰেষ্ঠ বঁটা প্ৰদান অনুষ্ঠান পিছুৱালে ফিফাই

নিউজ ডেস্ক, 16 মে': কৰ'ণা ভাইৰাছ সংকট কালত সৃষ্টি হোৱা অনিশ্চয়তাৰ বাবে ফুটবল বৰ্ষশ্ৰেষ্ঠ বঁটা প্ৰদান অনুষ্ঠান পিছুৱালে ফিফাই । এই অনুষ্ঠান চেপ্তেম্বৰ মাহত মিলানত অনুষ্ঠিত হোৱাৰ কথা আছিল ।

কেতিয়া এই অনুষ্ঠান পুনৰ আয়োজন কৰিব সেইটো স্পষ্ট কৰা নাই সংস্থাটোৱে ।

উল্লেখ্য যে, বঁটা প্ৰদান অনুষ্ঠান আয়োজিত হ'ব লগীয়া ইটালীৰ মিলান চহৰ কৰ'ণা ভাইৰাছৰ 'epicenter' হৈ পৰিছিল । এই চহৰতেই ইটালী আৰু ইউৰোপৰ সৰ্বাধিক লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছিল ।

লিঅ'নেল মেছি

কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে সম্পূৰ্ণ কৰিব পৰা নাই স্পেনিছ লীগ লা লী গা প্ৰতিযোগীতা । আনহাতে ফুটবলৰ ইউৰো কাপো পিচুৱাব লগীয়া হৈছে মহামাৰীৰ বাবে ।

বিগত বৰ্ষত লিঅ'নেল মেছি আৰু মেগান ৰেপিয়নে ক্ৰমে পুৰুষ আৰু মহিলাৰ শাখাত লাভ কৰিছিল বৰ্ষশ্ৰেষ্ঠ বঁটা আৰু বিলনডিঅ' বঁটা ।

ABOUT THE AUTHOR

...view details