অসম

assam

By

Published : Mar 30, 2020, 9:17 AM IST

ETV Bharat / sports

কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভেণ্টিলেটৰ দান ৰ’নাল্ডোৰ

পুৰ্তগালতো অব্যাহত আছে কৰ’ণা ভাইৰাছৰ বিভিষীকা ৷ বৰ্তমানলৈকে দেশখনত 902 টা ঘটনা পোহৰলৈ অহাৰ বিপৰীতে দেশখনত মৃত্যু হৈছে 100 জন লোকৰ ৷

cristiano ronaldo,covid 19 ,donate ventilators, কৰ’ণা ভাইৰাছ, ক্ৰিষ্টিয়ানো ৰ’নাল্ডো
কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভেণ্টিলেছন দান ৰ’নাল্ডোৰ

স্পৰ্টছ ডেস্ক, 30 মাৰ্চ: বিশ্ব সংকটৰ সময়ত পুনৰ নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে পৰ্তুগালৰ তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোই ৷ শেহতীয়াকৈ ৰ’নাল্ডো আৰু তেওঁৰ পৰিচালক জৰ্জ মেণ্ডিছে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ মেডীৰা স্বাস্থ্য বিভাগক পাঁচটা ভেণ্টিলেটৰ দান কৰাৰ কথা প্ৰকাশ কৰিছে ৷

এক সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি, মেডীৰা স্বাস্থ্য বিভাগক Covid-19 ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰয়োজন হোৱাকৈ পাঁচটা ভেণ্টিলেটৰ প্ৰদান কৰা হ’ব ৷ যিটো তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো আৰু জৰ্জ মেণ্ডিছে দিব বুলি উল্লেখ কৰিছে সংস্থাটোৱে ৷ এই পাঁচটা ভেণ্টিলেছন লাভ কৰাৰ পাচতেই স্বাস্থ্য বিভাগটোত সৰ্বমুঠ ভেণ্টিলেটৰৰ সংখ্যা হ’ব 99 টা ৷

ক্ৰিষ্টিয়ানো ৰ’নাল্ডো

পৰ্তুগালত বৰ্তমানলৈকে কৰ’ণা ভাইৰাছৰ 902 টা ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰ বিপৰীতে 100 গৰাকী লোক মৃত্যু মুখত পৰিছে ৷ বিশ্বব্যাপি কৰ’ণা ভাইৰাছৰ আতংক এতিয়াও অব্যাহত আছে ৷ সমগ্ৰ বিশ্বতে প্ৰায় 33 হাজাৰ লোকৰ মৃত্যু হৈছে এই ভাইৰাছত ৷ ভাৰততো ইয়াৰ প্ৰভাৱ দেখা পোৱা গৈছে ৷ ইতিমধ্যে ভাৰতত প্ৰায় 1024 গৰাকী লোক আক্ৰান্ত হৈছে এই ভাইৰাছত ৷ আনহাতে মৃত্যু হৈছে 27 গৰাকী লোকৰ ৷

লগতে চাওক- COVID-19ত আক্ৰান্তক সমাজৰ পৰা পৃথক নকৰিবলৈ আহ্বান শচীন তেণ্ডুলকাৰৰ

ABOUT THE AUTHOR

...view details