অসম

assam

ETV Bharat / sports

এয়াৰপৰ্টত 74 দিন আৱদ্ধ হৈ পৰা বিদেশী ফুটবলাৰক হোটেললৈ প্ৰেৰণ - 23 বৰ্ষীয় ঘানাৰ ফুটবলাৰ ৰেণ্ডী জুৱান মুলাৰ

শিৱসেনাৰ যুৱ সংঘ যুৱ সেনাৰ সহায়ত হোটেললৈ প্ৰেৰণ কৰা হ'ল মুম্বাই এয়াৰপোৰ্টত আৱদ্ধ ঘানাৰ ফুটবলাৰক ৷ লকডাউনৰ বাবে মুম্বাই এয়াৰপৰ্টত আৱদ্ধ হৈ পৰিছিল কেৰালাৰ এটা ফুটবল ক্লাৱৰ হৈ খেলা ফুটবলাৰগৰাকী ৷

সহায়ৰ হাত আগবঢ়ালে আদিত্য থাকৰে আৰু ৰাহুল কানালে
এয়াৰপোৰ্টত 74 দিন আৱদ্ধ হৈ পৰা বিদেশী ফুটবলাৰক হোটেললৈ প্ৰেৰণ

By

Published : Jun 7, 2020, 1:43 PM IST

স্পৰ্টছ ডেস্ক, 7 জুন : টম হেংক অভিনীত হলীউদৰ বোলছবি "The Terminal" ৰ দৰেই লকডাউনৰ ফলত মুম্বাই এয়াৰপৰ্টত 74 দিন আৱদ্ধ হৈ থাকিবলগা হয় 23 বৰ্ষীয় ঘানাৰ ফুটবলাৰ ৰেণ্ডী জুৱান মুলাৰ ৷

এয়াৰপোৰ্টত 74 দিন আৱদ্ধ হৈ পৰা বিদেশী ফুটবলাৰক হোটেললৈ প্ৰেৰণ

শিৱ সেনাৰ যুৱ সংঘ যুৱ সেনাৰ সহায়ত ফুটবলাৰ গৰাকীক এখন স্থানীয় হোটেললৈ লৈ যোৱা হয় ৷ বিদেশলৈ এয়াৰলাইনছৰ চলাচল আৰম্ভ নোহোৱা পৰ্যন্ত তেওঁক হোটেলতে থকাৰ ব্যৱস্থা কৰি দিছে যুৱ সেনাৰ সদস্যই ৷

কেৰালাৰ এটা ক্লাৱৰ হৈ ফুটবল খেলা মুলাৰে শনিবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ পৰ্যটন মন্ত্ৰী আদিত্য থাকৰে আৰু যুৱ সেনাৰ কৰ্মী ৰাহুল কানালক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

এয়াৰপোৰ্টত 74 দিন আৱদ্ধ হৈ পৰা বিদেশী ফুটবলাৰক হোটেললৈ প্ৰেৰণ

তেওঁ কয়, "আদিত্য থাকৰে আৰু ৰাহুল কানাললৈ ধন্যবাদ ৷ আপোনালোকৰ সহায়ক শলাগ লৈছো ৷ চালাম ৷"

কেৰালাস্থিত এক ফুটবল ক্লাৱৰ হৈ অংশগ্ৰহণ কৰা ঘানাৰ ফুটবলাৰ মুলাৰে কেনিয়া এয়াৰৱেজৰ জৰিয়তে ঘৰলৈ উৰা মাৰিবলৈ লওঁতেই ভাৰতত লকডাউন ঘোষণা কৰে ৷ ইয়াৰ ফলত নিঃসহায় হৈ পৰা খেলুৱৈগৰাকীয়ে মুম্বাই এয়াৰপোৰ্টতে দিন কটাবলগা হয় ৷

এই সম্পৰ্কত কানালে কয়, "তেওঁ এয়াৰপোৰ্টৰ বাগিছাত দিন কটাইছিল আৰু এয়াৰপোৰ্টৰ কৰ্মচাৰীৰ সৈতে ষ্টলসমূহৰ পৰা কেতিয়াবা খাদ্য কিনি গ্ৰহণ কৰিছিল ৷ মুলাৰে মোক কয় যে, এয়াৰপোৰ্টৰ কৰ্মীসকলে তেওঁক সহায় কৰিছিল ৷"

এয়াৰপোৰ্টৰ এগৰাকী সুৰক্ষা কৰ্মীয়ে মুলাৰক ঘৰলৈ ফোন কৰিবৰ বাবে ফোন প্ৰদান কৰিছিল ৷ ফুটবলাৰ গৰাকীৰ এই দূৰ্দশাৰ কথা এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে প্ৰকাশ কৰাৰ পাচতে আদিত্য থাকৰেই জানিব পাৰে ৷ ইয়াৰ পাচতে মুলাৰক কানালে সাক্ষাৎ কৰে আৰু হোটেললৈ প্ৰেৰণ কৰাত সহায় কৰে ৷

কানালে টুইটাৰত কয় যে, এয়াৰপোৰ্টত তেওঁক লগ পাই মুলাৰে আনন্দৰ চকুপানী টুকে ৷

তেওঁ লগতে কয়, "অতি কম বয়সতে আৰু জটিল পৰিস্থিতিতো তেওঁৰ ইচ্ছাশক্তি আৰু জীয়াই থকাৰ যুঁজখন সম্পৰ্কত বৰ্ণনা কৰিবলৈ মোৰ কোনো ভাষা নাই ৷"

মুম্বাই এয়াৰপোৰ্টৰ এগৰাকী বিষয়াই জনাই যে, ফুটবলাৰ গৰাকীক প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰা হৈছিল ৷ খাদ্যৰ উপৰিও ফোন কৰিবলৈ তেওঁক এয়াৰপোৰ্টৰ WiFi নেটৱৰ্ক প্ৰদান কৰা হৈছিল ৷ এয়াৰপোৰ্টৰ কৰ্মচাৰীয়ে নিজৰ খৰছেৰে মুলাৰৰ ফোন ৰিছাৰ্জৰ খৰছ বহন কৰিছিল ৷

ABOUT THE AUTHOR

...view details