অসম

assam

ETV Bharat / sports

কাবুলৰ এৰি যোৱাৰ সময়ত বিমানৰ পৰা পৰি মৃত্যু প্ৰাক্তন আফগান ফুটবলাৰৰ

তালিবান(Taliban)ৰ আক্ৰমণৰ পৰা পলাই যাবলৈ চেষ্টা কৰি থকা অৱস্থাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বিমানৰ পৰা পৰি মৃত্যু হয় এজন প্ৰাক্তন আফগান ফুটবলাৰৰ ৷ আফগান নেশ্যনেল য়ুথ টীম(Afghan National Youth Team)ৰ প্ৰাক্তন ফুটবলাৰ জাকী আনৱাৰীয়ে(Zaki Anwari) পলাই যাবলৈ চেষ্টা কৰোতেই মৃত্যুক সাৱটিবলগীয়া হয় ৷

Afghan footballer death
আফগান ফুটবলাৰৰ মৃত্যু

By

Published : Aug 20, 2021, 10:43 AM IST

স্প’ৰ্টছ ডেস্ক, 20 আগষ্ট : কাবুলৰ পৰা পলাই যাবলৈ চেষ্টা চলাওতে মৃত্যুক সাৱটি ল’বলগীয়া হয় এজন প্ৰাক্তন আফগান ফুটবলাৰে ৷ বৃহস্পতিবাৰে ফ্ৰান্সৰ সংবাদ মাধ্যমে জনোৱা মতে, আফগান নেশ্যনেল য়ুথ টীম(Afghan National Youth Team)ৰ প্ৰাক্তন ফুটবলাৰ জাকী আনৱাৰীয়ে(Zaki Anwari) তালিবান(Taliban)ৰ আক্ৰমণৰ পৰা পলাই যাবলৈ চেষ্টা কৰি থকা অৱস্থাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানৰ পৰা পৰি মৃত্যুবৰণ কৰে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বিমানৰ পৰা পৰি 19 বছৰীয়া প্ৰাক্তন খেলুৱৈ জাকীৰ মৃত্যু হোৱা বুলি আফগানিস্তানৰ সাধাৰণ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া সঞ্চালকালয়ে নিশ্চিত কৰিছে ৷ 16 বছৰ বয়সতে ৰাষ্ট্ৰীয় যুৱ দলত স্থান পাইছিল জাকীয়ে । মৃত্যুৰ বাতৰি পোৱাৰ পাচৰে পৰা যুৱ ফুটবলাৰজনক ছ’চিয়েল মিডিয়াযোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিভিন্নজনে ৷

লগতে পঢ়ক:কোহলী আটাইতকৈ কটু কথা কোৱা ব্যক্তি : নিক কম্পটন

সোমবাৰে ইণ্টাৰনেটত এটা আচৰিত ভিডিঅ’ ভাইৰেল হৈ পৰিছিল, য’ত দেখুওৱা হৈছিল যে, বিমানখন কাবুল বিমানবন্দৰৰ পৰা উৰা মৰাৰ পাচতে কমেও তিনিজন আফগান চি-17 গ্ল’বমাষ্টাৰৰ পৰা পৰি গৈছিল ৷ কিয়নো তেওঁলোকে দেশৰ পৰা পলাই যাবলৈ চেষ্টা কৰোতেই বিমানখনৰ তলত লাগি আছিল ।

ভিডিঅ’টোত দেখা গৈছিল যে, উৰণৰ সময়ত প্ৰয়োগ কৰা বিশাল জি-ফ’ৰ্চৰ বাবে আফগানসকলে চি-17ৰ লেণ্ডিং গিয়েৰত আৱদ্ধ হৈ পৰিছিল ৷ তালিবানে কাবুল দখল কৰাৰ পাচতে হাজাৰ হাজাৰ লোকে দেশৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ ফলত কমেও 10 গৰাকী লোক নিহত হয় আৰু কেইবাগৰাকীও লোক আহত হয় ।

লগতে পঢ়ক:NCA ৰ মুৰব্বী পদৰ বাবে পুনৰ আবেদন ৰাহুল দ্ৰাবিড়ৰ

ABOUT THE AUTHOR

...view details