অসম

assam

ETV Bharat / sports

আজি প্ৰদান কৰা হ’ব ‘বেলন ডিঅ’ৰৰ 2019’ ৰ খিতাপ - কোনে অৰ্জন কৰিব 2019 বৰ্ষৰ ফিফাৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ খেলুৱৈ তথা বেলন ডিঅ’ৰৰ সন্মান

সম্প্ৰতি ফুটবলপ্ৰেমীৰ মাজত তীব্ৰ চৰ্চা কোনে অৰ্জন কৰিব 2019 বৰ্ষৰ ফিফাৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ খেলুৱৈ তথা বেলন ডিঅ’ৰৰ সন্মান ? আজি প্ৰদান কৰা হ’ব এই খিতাপ ৷

আজি প্ৰদান কৰা হ’ব ‘বেলন ডিঅ’ৰৰ 2019’ ৰ খিতাপ
আজি প্ৰদান কৰা হ’ব ‘বেলন ডিঅ’ৰৰ 2019’ ৰ খিতাপ

By

Published : Dec 2, 2019, 2:46 PM IST

স্পৰ্টছ ডেস্ক, 2 নৱেম্বৰ:আজি প্ৰদান কৰা হ’ব 2019 বৰ্ষৰফিফাৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ খেলুৱৈ অৰ্থাৎ বেলন ডিঅ’ৰৰ সন্মান ? শেহতীয়াকৈ ফিফাই প্ৰকাশ কৰিছিল এইবছৰৰ বেলন ডিঅ’ৰৰ বাবে মনোনীত 30 গৰাকীকৈ খেলুৱৈৰ তালিকা ৷ য’ত আছে ক্ৰিষ্টিয়ানো ৰ’নাল্ডো, ফ্ৰেংকী ডী যং, মাথিজ ডী লিট, ইডেন হেজাৰ্ড,হেৰী কেন, ছাডিঅ' মেনে, কাইলিয়ান এম্বাপ্পে, লিয়নেল মেছি, মহম্মদ ছালাহ, ভাৰ্জিল ভান ডাইক আদিৰ দৰে বহু তাৰকা ফুটবলাৰ ৷

180 গৰাকী সাংবাদিকৰ ভোটৰ আধাৰত প্ৰদান কৰা হ’ব এই খিতাপ ৷ বৰ্তমানলৈকে পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো আৰু আৰ্জেণ্টিনাৰ লিয়নেল মেচিয়ে5 বাৰকৈ এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে ৷

বেলন ডিঅ’ৰৰ 2019 ৰ খিতাপ

ৰ’নাল্ডোই 2008, 2013, 2014, 2016 আৰু 2017 চনত এই সন্মান লাভ কৰিছিল ৷ আনহাতে মেচিয়ে লাভ কৰিছিল 2009, 2010, 2011, 2012 আৰু 2015 চনত ৷ ইপিনে 2018 চনত এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ক্ৰোৱেছিয়াৰ লুকা ম’ড্ৰিকে

বেলন ডিঅ’ৰৰ 2019 ৰ খিতাপ

মহিলা খেলুৱৈৰ মাজতো2018চনৰ পৰা এই সন্মান প্ৰদান কৰি অহা হৈছে ৷ এই খিতাপ লাভ কৰা মহিলাৰ প্ৰথমগৰাকী খেলুৱৈ হৈছে আৰ এডা হেগৰবৰ্গে

বেলন ডিঅ’ৰৰ 2019 ৰ খিতাপ

ABOUT THE AUTHOR

...view details