অসম

assam

ETV Bharat / sports

ICC World Cup 2023 : শ্ৰীলংকাৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ নিউজীলেণ্ডৰ - ICC World Cup 2023 NZ vs SL

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ 2023ৰ 41 সংখ্যক খেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিছে নিউজীলেণ্ডে ৷ নিউজীলেণ্ডৰ সন্মুখত 172 ৰাণৰ লক্ষ্য বান্ধিলে শ্ৰীলংকাই ৷

ICC World Cup 2023
শ্ৰীলংকাৰ বিৰুদ্ধে নিউজীলেণ্ড

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 6:15 PM IST

Updated : Nov 9, 2023, 9:54 PM IST

স্পৰ্টছ ডেস্ক, 9 নৱেম্বৰ : বৃহস্পতিবাৰে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ 2023ৰ 41 সংখ্যক খেলত আঘাত জৰ্জৰ শ্ৰীলংকাৰ বিৰুদ্ধে 5 উইকেটত বিজয় সাব্যস্ত কৰে নিউজীলেণ্ডে ৷ 172 ৰাণৰ লক্ষ্য আগত লৈ কিৱি দলে 23.2 অভাৰত 5 টা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷

নিউজীলেণ্ডে শ্ৰীলংকাৰ বিৰুদ্ধে পাঁচ উইকেটত জয়লাভ কৰি চলিত আইচিচি ইভেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশৰ বাবে নিজকে শক্তিশালী স্থানত ৰাখে। নিউজীলেণ্ডৰ দলটোৱে প্ৰথমে ক্লিনিকেল বলিং প্ৰদৰ্শন শ্ৰীলংকাক অল আউট কৰি সহজ লক্ষ্য ল’বলৈ অলপ উজুটি খাইছিল যদিও শেষত পাঁচ উইকেটত জয় নিশ্চিত কৰে।

দলৰ হৈ ডেভন কনৱেই সাৰ্বাধিক 45 ৰাণ সংগ্ৰহ কৰে ৷ ৰাছিন ৰবীন্দ্ৰই 42 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ডাৰেল মিচেলে সংগ্ৰহ কৰে 43 ৰাণ ৷

শ্ৰীলংকাৰ হৈ এঞ্জেল’ মেথিউজে সাৰ্বাধিক 2 টা উইকেট দখল কৰে ৷ দুষ্মন্ত চামীৰা আৰু দিলছান মধুশংকাই দখল কৰে 1টাকৈ উইকেট ৷

টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লোৱা নিজীলেণ্ডৰ বিধ্বংসী বলিঙত তিষ্ঠিব নোৱাৰি শ্ৰীলংকাই 46.4 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 171 ৰাণ ৷ কুশল পেৰেৰা আৰু মহেশ তীক্ষণাৰ বাহিৰে আটাইকেইজন বেটছমেন চূড়ান্ত ব্যৰ্থ হয় ৷ কুশল পেৰেৰাই 28 টা বলত 51 ৰাণ সংগ্ৰহ কৰি টীম চাউথীৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ মহেশ তীক্ষণাই 38 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷

নিউজীলেণ্ডৰ হৈ ট্ৰেন্ট বৌল্টে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ ল’কী ফাৰ্গুছন, মিছেল চেন্টনাৰ আৰু ৰাছীন ৰবীন্দ্ৰই 2 টাকৈ উইকেট দখল কৰে ৷ টিম ছাউথীয়ে দখল কৰে 1টা উইকেট ৷

লগতে পঢ়ক :ICC ODI RANKINGS: বেটিঙত গিল, বলিঙত ছিৰাজ; ICC ৰ ৰেংক তালিকাৰ শীৰ্ষত দুই ভাৰতীয় ক্ৰিকেটাৰ

Last Updated : Nov 9, 2023, 9:54 PM IST

ABOUT THE AUTHOR

...view details