অসম

assam

By

Published : Mar 12, 2023, 9:20 PM IST

ETV Bharat / sports

Test hundred of Kohli : অৱশেষত চলিল দীৰ্ঘদিনে থমকি ৰোৱা বিৰাটৰ বেট

প্ৰায় ৩ বছৰৰ অন্তত বিৰাট কোহলীয়ে টেষ্ট শতক অৰ্জন কৰিলে (Kohli test hundred)। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আহমেদাবাদত ২৮ তম শতক অৰ্জন কোহলীৰ । আনন্দিত বিৰাটৰ অনুৰাগী ।

Test hundred of Kohli
অৱশেষত চলিল দীৰ্ঘদিনে থমকি ৰোৱা বিৰাটৰ বেট

স্পৰ্টছ ডেস্ক,১২ মাৰ্চ :দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অৱশেষত বিৰাট কোহলীয়ে টেষ্ট কেৰিয়াত শতক অৰ্জন কৰিলে (Virat Kohli scored a Test century after 3 years)। ২৪১ টা বলৰ সন্মুখীন হৈ বিৰাট কোহলীয়ে শতক সম্পূৰ্ণ কৰে । নাথান লিয়নৰ অ'ভাৰৰ দ্বিতীয় বলত ৰাণ সংগ্ৰহ কৰি তেওঁৰ টেষ্ট কেৰিয়াৰৰ ২৮ তম শতক অৰ্জন কৰে কোহলীয়ে । বিৰাটে শতক অৰ্জন কৰাৰ লগে লগে ডিঙিত থকা লকেটটো চুম্বন কৰা দেখা গৈছে । ইফালে ষ্টেডিয়ামৰ সকলো দৰ্শক তথা অনুৰাগী আৰু ভাৰতীয় খেলুৱৈসকলেও এই শতকৰ বাবে বিৰাট কোহলীক প্ৰশংসা আৰু অভিনন্দন জনোৱা দেখা গৈছে ।

উল্লেখ্য যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ তথা অন্তিমখন খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে (Border Gavaskar Trophy)। খেলখন ৯ মাৰ্চত আৰম্ভ হৈছিল (IND vs AUS 4th Test Match)। দেওবাৰে খেলখনৰ চতুৰ্থ দিন । প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৪৮০ ৰাণৰ প্ৰতিশ্ৰুতিপূৰ্ণ স্ক'ৰ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে বাতৰি লিখালৈকে ১৭৩ অভাৰত ৫৫৭ ৰাণ সংগ্ৰহ কৰিছে ।

ভাৰতৰ ৬ গৰাকী খেলুৱৈ আউট হৈছে । ৰোহিত শৰ্মাই ৩৫, শুভমান গিলে ১২৮, চেতেশ্বৰ পূজাৰাই ৪২, কে এছ ভাৰতে ৪৪, ৰবীন্দ্ৰ জাদেজাই ২৮ ৰাণ আৰু অক্সৰ পেটেলে ৭৯ ৰাণ সংগ্ৰহ কৰে । নাথান লিয়ন আৰু টড মাৰ্ফিয়ে দুটাকৈ উইকেট দখল কৰে আৰু মেথিউ কুনমেন আৰু মিটচেল ষ্টাৰ্কে এটাকৈ উইকেট দখল কৰে । একে সময়তে, অষ্ট্ৰেলিয়াৰ উছমান খাৱাজাই প্ৰথম ইনিংছত সৰ্বাধিক ১৮০ ৰাণ সংগ্ৰহ কৰে । কেমেৰুন গ্ৰীণেও টেষ্ট কেৰিয়াৰৰ প্ৰথম শতক অৰ্জন কৰিছে ।

প্ৰথম ইনিংছত, আৰ অশ্বিনে সুন্দৰ বলিং কৰে আৰু ৫ টা উইকেট দখল কৰে । ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত অশ্বিন সৰ্বাধিক উইকেট সংগ্ৰহকাৰী । তেওঁ অনিল কুম্বলেৰ অভিলেখ ভংগ কৰিছে । কুম্বলে ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ ২০ খন খেলত ১১১ টা উইকেট দখল কৰিছে। একে সময়তে, অশ্বিনে ২২ খন মেচত ১১৩ টা উইকেট লৈ কুম্বলেৰ অভিলেখ ভংগ কৰিছে । ইফালে চতুৰ্থ দিনা প্ৰতিবেদন লিখাৰ সময়লৈ বিৰাট কোহলীয়ে ১৮০ ৰাণ সংগ্ৰঙ কৰিছে (Virat Kohli scored a Test century at Ahmedabad)। ভাৰতে এতিয়ালৈ ৮০ ৰাণৰ অগ্ৰগতি লাভ কৰিছে ।

লগতে পঢ়ক :IND vs AUS 4th Test : দৰ্শকৰ ৰূপত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীদ্বয়

ABOUT THE AUTHOR

...view details