স্পৰ্টছ ডেস্ক, 30 অক্টোবৰ :শুকুৰবাৰে নিশা টি20 বিশ্বকাপৰ ‘চুপাৰ 12’ মেছৰ পাকিস্তান বনাম আফগানিস্তান খেলখনত টিকটবিহীন দৰ্শকৰ ষ্টেডিয়ামত প্ৰৱেশৰ ঘটনাৰ তদন্তৰ বাবে এমিৰেটছ ক্ৰিকেট বোৰ্ড (Emirates Cricket Board)ক অনুৰোধ জনায় দ্য ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউঞ্চিল (The International Cricket Council)এ ৷
যোৱা নিশাৰ খেলখনৰ বাবে 16,000 টিকট মুকলি কৰা হৈছিল যদিও খেল আৰম্ভ হোৱাৰ পূৰ্বে হাজাৰৰো অধিক টিকটবিহীন দৰ্শক ভেন্যুত উপস্থিত হয় আৰু পৰৱৰ্তী সময়ত ষ্টেডিয়ামত প্ৰৱেশৰ চেষ্টা কৰে ৷ এক বিবৃতিত এই মন্তব্য কৰে ICCএ ৷
ICCএ কয়, ‘ডুবাই আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে ষ্টেডিয়াম সুৰক্ষিত কৰাৰ লগতে ষ্টেডিয়ামৰ ভিতৰত থকা দৰ্শকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত সম্পদ আনি ভিৰটোক নিয়ন্ত্ৰণ কৰাৰ লগতে তাৰ পৰা আঁতৰাই পঠোৱাৰ বাবে প্ৰয়াস কৰে ৷’