স্প’ৰ্টছ ডেস্ক,৬ মে': অতিমাৰী কৰ'ণাৰ সংকটকালতে ২৩ মে'ৰ পৰা বাংলাদেশত আৰম্ভ হ'ব তিনিখন এদিনীয়া শৃংখলা । ইয়াৰ বাবে শ্ৰীলংকাই ১৬ মে'ত বাংলাদেশ অভিমুখে ৰাওনা হ'ব । এই কথা বুধবাৰে দেশৰ ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰে । ১৬ মে'ত ঢাকালৈ ৰাওনা হোৱা দলটোৱে ২১ মে'ত ইণ্ট্ৰা-স্কোৱাড অনুশীলন কৰিব ।
৩ খন এদিনীয়া শৃংখলাৰে বাংলাদেশলৈ টীম শ্ৰীলংকা
শ্ৰীলংকা ক্ৰিকেটৰ এক বিজ্ঞপ্তি অনুসৰি ২৩, ২৫ আৰু ২৮ মে'ত মীৰপুৰৰ শ্বেৰ-ই-বাংলা ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত দিবা-নৈশ এদিনীয়া খেলকেইখন অনুষ্ঠিত হ'ব ।
৩খন এদিনীয়া শৃংখলাৰ বাবে বাংলাদেশলৈ ৰাওনা হ'ব শ্ৰীলংকা
শ্ৰীলংকা ক্ৰিকেটৰ এক বিজ্ঞপ্তি অনুসৰি ২৩, ২৫ আৰু ২৮ মে'ত মীৰপুৰৰ শ্বেৰ-ই-বাংলা ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত দিবা-নৈশ এদিনীয়া খেলকেইখন অনুষ্ঠিত হ'ব । মহামাৰীৰ সংকটকালতে বাংলাদেশ ভ্ৰমণ কৰা শ্ৰীলংকা হ'ব দ্বিতীয়টো বিদেশী দল । ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ঢাকা আৰু চট্টগ্ৰামত দুখন টেষ্ট আৰু তিনিখন এদিনীয়া শৃংখলাৰ বাবে বাংলাদেশ ভ্ৰমণ কৰিছিল ।
লগতে পঢ়ক: পুণেৰ এএছআইত অলিম্পিকৰ প্ৰশিক্ষণ ল’ব মেৰীকমে