স্পৰ্টছ ডেস্ক, ১৭ মে' : ধৰমশালাস্থিত হিমাচল প্ৰদেশ ক্ৰিকেট এছচিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল 2023 ৰ এখন গুৰুত্বপূৰ্ণ মেছত দিল্লী কেপিটেলছে পঞ্জাব কিংছক 15 ৰাণত পৰাস্ত কৰে । টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে পঞ্জাবে (Punjab Kings vs Delhi Capitals preview)।
পঞ্জাব কিংছৰ আমন্ত্ৰণ মৰ্মে বেটিং কৰিবলৈ অহা দিল্লী কেপিটেলছে প্ৰথমৰ পৰাই সুন্দৰ আৰম্ভণি কৰে । মাত্ৰ দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত 20 অভাৰত 213 ৰাণ সংগ্ৰহ কৰে দিল্লী কেপিটেলছে । দলটোৰ হৈ অধিনায়ক তথা অপেনাৰ ৱাৰ্ণাৰে 46 ৰাণ, পৃথ্বী শ্বৱে 54 ৰাণ, ৰিলী ৰোচৌৱে অপৰাজিতভাৱে 87 ৰাণ আৰু চল্টে অপৰাজিতভাৱে 26 ৰাণ কৰে । ৰোচৌৱে মাত্ৰ 37 টা বলত 6 টা বাউণ্ডেৰী আৰু 6 টা অভাৰ বাউণ্ডেৰী কোবাই 82 ৰাণ কৰে । 20 অভাৰত পঞ্জাৱ কিংছক 214 ৰাণৰ এক বিশাল লক্ষ্য বান্ধি দিয়ে দিল্লী কেপিটেলছে (PBKS vs DC preview) ।
ইয়াৰ বিনিময়ত পঞ্জাৱ কিংছে নিৰ্ধাৰিত 20 অভাৰত 8 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 198 ৰাণ । প্ৰভসিমৰণ সিঙে 22, টাইডেয়ে 55 ৰাণ কৰাৰ বিপৰীতে লিভিংষ্টনে 48 টা বলত 5 টা বাউণ্ডেৰী আৰু 9 টা অভাৰ বাউণ্ডেৰী কোবাই 94 ৰাণ সংগ্ৰহ কৰে । কিন্তু টাইডে আউট হোৱাৰ পাচৰ পৰাই ঘনাই উইকেটৰ পতন ঘটাত পৰাজয় বৰণ কৰিব লগীয়া হয় পঞ্জাৱে (Punjab vs Delhi analysis) ।