স্পৰ্টছ ডেস্ক,২৮ মে':আজি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ৰ ফাইনেল (IPL final 2023)। চেন্নাই চুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ'ব এই ফাইনেল খেলখন । চেন্নাইৰ প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ বাবে এই দিনটো বিশেষ । অৱশ্যে চেন্নাইৰ অধিনায়ক এম এছ ধোনীৰ বাবেও এই খেলখন অতি গুৰুত্বপূৰ্ণ । কিয়নো এম এছ ধোনীৰ আই পি এল কেৰিয়াৰৰ এইখন ২৫০ তম খেল । তেওঁৰ এইখন ১১ নম্বৰ ফাইনেল আৰু অধিনায়ক হিচাবে তেওঁৰ ১০ নম্বৰ আই পি এল ফাইনেল (Dhoni in IPL final as captain)।
এতিয়ালৈ কোনো খেলুৱৈয়ে ২৫০ খন আই পি এল মেচ খেলা নাই আৰু ধোনী হৈছে প্ৰথমগৰাকী খেলুৱৈ যিয়ে ২৫০ খন আই পি এল খেলিবলৈ সাজু হৈছে । আই পি এলত মহেন্দ্ৰ সিং ধোনীয়ে চেন্নাই চুপাৰ কিংছ আৰু ৰাইজিং পুনে চুপাৰজায়েন্টছৰ হৈ খেলিছে । এতিয়ালৈকে ২৪৯ খন আই পি এল মেচত ধোনীয়ে ৩৯.০৯ গড়ে ৫,০৮২ ৰাণ সংগ্ৰহ কৰিছে (Total score of Dhoni in IPL)। ২১৭ টা ইনিংছত তেওঁৰ ষ্ট্ৰাইক ৰেট ১৩৫.৯৬ । তেওঁৰ সৰ্বাধিক স্ক'ৰ হৈছে ৮৪ আৰু তেওঁ ২৪ টা অৰ্ধ শতক অৰ্জন কৰিছে । তেওঁ আই পি এলৰ ইতিহাসত সপ্তম সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ।
চেন্নাই চুপাৰ কিংছৰ হৈ ধোনীয়ে ২১৯ খন মেচ খেলিছে । ১৯০ টা ইনিংছত তেওঁ ২২ টা অৰ্ধশতকৰ সৈতে ৪,৫০৮ ৰাণ সংগ্ৰহ কৰিছে । ধোনীৰ ষ্ট্ৰাইক ৰেট ১৩৭.৫২ । ৰাইজিং পুনে চুপাৰজায়েন্টছৰ হৈ ধোনীয়ে ২০১৬-১৭ ছিজনত ৩০ খন মেচ খেলিছে । তেওঁ ২৭ টা ইনিংছত ৫৭৪ ৰাণ সংগ্ৰহ কৰিছে । ধোনীয়ে আৰএছপিৰ হৈ দুটা অৰ্ধশতক কৰিছে । তেওঁৰ সৰ্বাধিক স্ক'ৰ আছিল ৬৪ । ষ্ট্ৰাইক ৰেট আছিল ১২৪.৭৮ । তেওঁৰ বেটিং এভাৰেজ আছিল ৩১.৮৯ ।