নিউজ ডেস্ক, 16 মে’: আই পি এলৰ মঙলবাৰৰ খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েন্টেছে 5 ৰাণত পৰাস্ত কৰে মুম্বাই ইণ্ডিয়ানছক । টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে মুম্বাই ইণ্ডিয়ানছে । লক্ষ্ণৌৱে নিৰ্ধাৰিত 20 অভাৰত 3 টা উইকেট হেৰুৱাই 177 ৰাণ সংগ্ৰহ কৰে । ইয়াৰ বিনিময়ত মুম্বাইয়ে 5 টা উইকেট হেৰুৱাই 20 অভাৰত 172 ৰাণ সংগ্ৰহ কৰে ।
12 ৰাণতে দুটা উইকেট হেৰুৱাওৱা লক্ষ্ণৌৰ হৈ ক্ৰুণাল পাণ্ডিয়াই 49 ৰাণ আৰু মাৰ্কাছ ষ্টইনিছে অপৰাজিত 89 ৰাণ কৰে । ইফালে মুম্বাইৰ হৈ ঈশান কিশানে 59, ৰোহিত শৰ্মাই 37, টিম ডেভিদে 32 ৰাণ কৰে ।
মুম্বাই ইণ্ডিয়ানছে চাৰিজন বেগী বলাৰ আৰু দুজন স্পিনাৰৰ সৈতে খেলপথাৰত পদাৰ্পণ কৰে ৷ পাঁচবাৰকৈ চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা মুম্বাই ইণ্ডিয়ানছে আজিৰ খেলত বাঁওহতীয়া স্পিনাৰ কুমাৰ কাৰ্তিকেয়াৰ সলনি হৃত্বিক শোকিনক খেলপথাৰত নমোৱা পৰিলক্ষিত কৰা হয় (Mumbai Indians vs LSG)৷
এলএছজি দলত কাইল মেয়াৰ্ছৰ পৰিৱৰ্তে নবীন উল-হক আৰু আৱেশ খানৰ পৰিৱৰ্তে, দীপক হুডা আৰু অমিত মিশ্ৰৰ পৰিৱৰ্তে স্বপ্নীল সিঙক অন্তৰ্ভুক্ত কৰা হয় (LSG vs MI match updates)।
ক্ৰুণাল পাণ্ডিয়া: এই টছত আমি জয়ী হোৱা হ’লেও প্ৰথমে বেটিং কৰিলোহেঁতেন । আই পি এলৰ প্ৰতিখন খেল গুৰুত্বপূৰ্ণ ৷ এইখন খেলত দলত কিছু পৰিৱৰ্তন কৰা হৈছে ৷ কাইল মেয়াৰ্ছ আৰু আৱেশ খানৰ পৰিৱৰ্তে নবীন আৰু দীপক হুডাক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।