অসম

assam

ETV Bharat / sports

DC vs PBKS: প্ৰভসিমৰণৰ শতকেৰে দিল্লীক 31 ৰাণত পৰাস্ত কৰিলে পঞ্জাবে - DC vs PBKS match report

আই পি এলৰ 59 সংখ্যক মেচখনত শনিবাৰে দিল্লী কেপিটেলছক 31 ৰাণত পৰাস্ত কৰে পঞ্জাব কিংছে । পঞ্জাবৰ প্ৰভসিমৰণ সিঙৰ শতক অৰ্জন, হৰপ্ৰীট ব্ৰাৰৰ 4 টা উইকেট দখল ।

DC vs PBKS
DC vs PBKS

By

Published : May 13, 2023, 9:36 PM IST

Updated : May 13, 2023, 11:43 PM IST

নিউজ ডেস্ক, 13 মে': শনিবাৰে অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2023 ৰ 59 সংখ্যক খেলখনত দিল্লী কেপিটেলছৰ বিৰুদ্ধে 31 ৰাণত জয়লাভ পঞ্জাব কিংছৰ । পঞ্জাৱ দলে নিৰ্ধাৰণ কৰি দিয়া 167 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা দিল্লী কেপিটেলছে 20 অভাৰত 8 টা উইকেট হেৰুৱাই 136 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

অপেনাৰ তথা অধিনায়ক ডেভিদ ৱাৰ্ণাৰে 54 ৰাণ আৰু ফিলিপ চল্টে 21 ৰাণ কৰে যদিও 69 ৰাণত প্ৰথমটো উইকেটৰ পতন ঘটাৰ পিচতে নিয়মীয়া গতিত উইকেট হেৰুৱাই দলটোৱে । পঞ্জাৱৰ হৰপ্ৰীট ব্ৰাৰে 4 টাকৈ উইকেট দখল কৰে । এই পৰাজয়ৰ পিচত পুনৰ পইন্ট তালিকাৰ অন্তিম স্থানলৈ অৱনমিত হয় দিল্লী কেপিটেলছ ।(Delhi Capitals vs Punjab Kings)।

প্ৰথমে বেটিং কৰি পঞ্জাৱ কিংছে নিৰ্ধাৰিত 20 অভাৰত 7 টা উইকেট হেৰুৱাই 167 ৰাণ সংগ্ৰহ কৰে । প্ৰভসিমৰণ সিঙে 65 টা বলত 103 ৰাণ সংগ্ৰহ কৰে যদিও বাকী সকল বেটছমেনে বিশেষ ৰাণ কৰাত ব্যৰ্থ হয় (DC vs PBKS live blog) ।

দিল্লী কেপিটেলছৰ অধিনায়ক ডেভিদ ৱাৰ্নাৰে টছত কয়, "আমি প্ৰথমে বেটিং কৰিম । ক্ৰীজখনৰ গতি লেহেমীয়া যেন লাগিছে । ইয়াত বিশেষ পৰিৱৰ্তন নহ'ব । শেষৰখন খেল ভাল নাছিল যদিও ৫ খন খেলৰ ভিতৰত ৪ মেচত সুন্দৰভাৱেই জয়লাভ কৰিছোঁ । খেলুৱৈকেইজনে মুক্ত আৰু দৃঢ় মন লৈ খেলিবলৈ ওলাই আহিছে । দৰ্শকৰ পৰাও যথেষ্ট সঁহাৰি পাইছোঁ ।"(DC vs PBKS live updates)

পঞ্জাৱ কিংছৰ অধিনায়ক শিখৰ ধাৱনে টছৰ সময়ত কয়, "আমিও বলিং কৰিলোঁহেঁতেন । কিন্তু আমি প্ৰথমে বেটিং কৰিব লাগিব । গতিকে ইয়াৰ বাবে আগ্ৰহী । এইটো ভাল কথা যে, তেওঁলোকে ভাল প্ৰদৰ্শন আগবঢ়াইছে । তেওঁলোক পৰিপক্ক হৈ আছে আৰু সেইটো এটা ভাল লক্ষণ । আমাৰ দলত এটা পৰিৱৰ্তন কৰা হৈছে । ৰাজা পুনৰ দললৈ উভতি আহিছে আৰু ৰাজাপাকছাক অব্যাহতি দিয়া হৈছে ।"(DC vs PBKS match report)

দিল্লী কেপিটেলছ (প্লেয়িং একাদশ): ডেভিড ৱাৰ্নাৰ(C), ফিলিপ ছল্ট(W), মিচেল মাৰ্ছ, ৰিলী ৰছৌ, অমন হাকিম খান, অক্ষৰ পেটেল, প্ৰবীণ ডুবে, কুলদীপ যাদৱ, ঈশান্ত শৰ্মা, খলিল আহমেদ, মুকেশ কুমাৰ ।

পঞ্জাৱ কিংছ (প্লেয়িং একাদশ): প্ৰভসিমৰন সিং, শিখৰ ধৱন(C), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা(W), ছেম কাৰাণ, চিকন্দৰ ৰাজা, শ্বাহৰুখ খান, হৰপ্ৰীত ব্ৰাৰ, ঋষি ধৱন, ৰাহুল চহৰ, আৰ্শদীপ সিং ।

লগতে পঢ়ক:IPL 2023 : ছান ৰাইজাৰ্ছৰ হায়দৰাবাদৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ

Last Updated : May 13, 2023, 11:43 PM IST

ABOUT THE AUTHOR

...view details