অসম

assam

ETV Bharat / sports

IPL 2023 Live updates: SRH ৰ বিৰুদ্ধে 72 ৰাণত জয়লাভ ৰাজস্থান ৰয়েল; চাহালৰ 4 টা উইকেট দখল - IPL SRH Vs RR match details

আই পি এলৰ আজিৰ প্ৰথমখন খেলত মুখামুখি হৈছে SRH আৰু RR (IPL 2023 Live updates) ৷ প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে 204 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিয়ে চান ৰাইজাৰ্চ হায়দৰাবাদক ৷ প্ৰত্যুত্তৰত 20 অভাৰত 8 টা উইকেট হেৰুৱাই 131 ৰাণহে কৰিবলৈ সক্ষম হয় SRH এ ৷

IPL 2023 Live updates
IPL 2023 SRH Vs RR

By

Published : Apr 2, 2023, 3:52 PM IST

Updated : Apr 2, 2023, 7:38 PM IST

নিউজ ডেস্ক, 2 এপ্ৰিল: আজি অনুষ্ঠিত আইপিএলৰ এখন খেলত ৰাজস্থান ৰয়েলছে চান ৰাইজাৰ্ছ হায়দৰাবাদক 72 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে ৷ প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেট হেৰুৱাই ৰাজস্থানে 204 ৰাণৰ বিশাল লক্ষ্য বান্ধি দিয়ে হায়দৰাবাদক ৷ কিন্তু প্ৰথমৰ পৰাই বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা হায়দৰাবাদ দলে 20 অভাৰত 8 উইকেটৰ বিনিময়ত 131 ৰাণহে কৰিবলৈ সক্ষম হয় ৷ (IPL 2023 SRH Vs RR) ৷

ৰাজস্থানৰ হৈ অপেনিং কৰিবলৈ আহে যশস্বী জয়ছোৱাল আৰু জচ বাটলাৰ ৷ দুয়োগৰাকী অপেনাৰেই বিস্ফোৰক আৰম্ভণি কৰে ৷ 5.5 অভাৰতে দলৰ স্ক’ৰ 85 ত উপনীত কৰে জয়ছোৱাল আৰু বাটলাৰে ৷ কিন্তু সেই সময়তে পেভিলিয়নমুখী হয় বাটলাৰ ৷ 22 টা বলত 7 টা চাৰি আৰু 3 টা ছয় কোবাই মুঠ 54 ৰাণ কৰে বাটলাৰে ৷ ইয়াৰ পাচতে 12.3 অভাৰত ৰাজস্থানে হেৰুৱাই জয়ছোৱালৰ উইকেট ৷ কিন্তু জয়ছোৱালেও সুন্দৰ প্ৰদৰ্শনেৰে দলৰ স্ক’ৰ বৃদ্ধিত বৰঙণি যোগায় ৷ মুঠ 37 টা বলত 9 টা চাৰি কোবাই 54 ৰাণ সংগ্ৰহ কৰে জয়ছোৱালে (Highest target in IPL 2023) ৷

দেৱদত্ত আৰু ৰিয়ান পৰাগৰ আজিৰ প্ৰদৰ্শন আছিল হতাশজনক ৷ দেৱদত্তই মাত্ৰ 2 ৰাণ আৰু ৰিয়ানে মাত্ৰ 7 ৰাণহে কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰীতে এক সুন্দৰ ইনিংছ খেলে অধিনায়ক সঞ্জু চেমচনে ৷ 32 টা বলত 3 টা চাৰি আৰু 4 টা ছয় কোবাই মুঠ 55 ৰাণ সংগ্ৰহ কৰে চেমচনে ৷ ষষ্ঠ স্থানত বেটিং কৰিবলৈ অহা হেটমাৰে 16 টা বলত 22 ৰাণ কৰি নট আউট হৈ ৰয় ৷ নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই 203 ৰাণ সংগ্ৰহ কৰে ৰাজস্থান দলে ৷ 2023 আই পি এলত বৰ্তমানলৈকে এইটো সৰ্বোচ্চ টাৰ্গেট ৷ হয়দৰাবাদৰ হৈ ফাৰুকী আৰু নটৰাজনে 2 টাকৈ আৰু উমৰাণ মালিকে এটা উইকেট দখল কৰে (IPL SRH Vs RR match details) ৷

চান ৰাইজাৰ্ছ হায়দৰাবাদে 204 লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰে যদিও প্ৰথম অভাৰৰ পৰাই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় ৷ প্ৰথম অভাৰতে কোনো ৰাণ নকৰাকৈ পতন ঘটে হায়দৰাবাদৰ দুটা উইকেটৰ ৷ মায়াংক আগৰৱাল আৰু হেৰী বুকে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰে যদিও 34 ৰাণত পুনৰ এটা উইকেটৰ পতন ঘটে ৷ তাৰ পাচতেই ধাৰাবাহিকভাৱে উইকেট হেৰুৱাই দলটোৱে ৷ 11 অভাৰত মাত্ৰ 52 ৰাণত 6 টাকৈ উইকেটৰ পতন ঘটে হায়দৰাবাদৰ ৷ ফলত 20 অভাৰত 8 টা ইউকেটৰ বিনিময়ত 131 ৰাণহে কৰিবলৈ সক্ষম হয় দলটো ৷ ৰাজস্থানৰ যুজবেন্দ্ৰ চাহালে 4 টা উইকেট দখল কৰে (SRH lost against RR in ILP) ৷

SRH ৰ অধিনায়ক ভূৱনেশ্বৰ কুমাৰে কয়, ‘‘আমি প্ৰথমে বলিং কৰিম ৷ উইকেট গ্ৰহণৰ বাবে ভাল হ’ব যেন অনুমান হৈছে, গতিকে এই সুবিধা ল’ব লাগিব ৷ এয়া মাত্ৰ এখন খেল । মই যথাসাধ্য চেষ্টা কৰিম আৰু দলটোৰ বাবে যি প্ৰয়োজন সেয়া কৰিম । ফাৰুকী, হেৰী ব্ৰুক, আদিল ৰছিদ, গ্লেন ফিলিপছ আমাৰ চাৰিজন বিদেশী খেলুৱৈ ।’’(IPL 2023 Live updates)

ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমচনে কয়, ‘‘এইবাৰ আই পি এলত নতুন নিৰ্দেশনা দিয়া হৈছে ৷ আমি বিপক্ষ দলক সন্মান জনোৱাৰ লগতে নিজৰ সৰ্ব শক্তিৰে খেল প্ৰদৰ্শন কৰিম ৷ এই জাৰ্চী পৰিধান কৰি সদায়েই সুখী অনুভৱ কৰোঁ ৷ জয়পুৰত খেলিবৰ বাবে সমুখলৈ চাই আগবাঢ়িম ৷ আমাৰ সকলোৰে মাজত সম্প্ৰীতি আছে ৷ খেলৰ আগত সদায় আমি আলোচন কৰোঁ, চাৰিগৰাকী বহিঃৰাষ্ট্ৰৰ খেলুৱৈ আমাৰ সৈতে আছে ৷ তেওঁলোক- জচ বাটলাৰ, জেচন হ’ল্ডাৰ, ব’ল্ট আৰু হেটমাৰ (IPL 2023 news)’’ ৷

লগতে পঢ়ক:IPL 2023 LSG Vs DC: দিল্লীক 50 ৰাণত পৰাস্ত কৰিলে লক্ষ্ণৌৱে, মেয়াৰ্ছৰ 73 ৰাণ; মাৰ্ক উডৰ 5 উইকেট

SRH- মায়াংক আগৰৱাল, অভিষেক শৰ্মা, ৰাহুল ত্ৰিপাঠী, হেৰী বুক, ৱাশ্চিংটন সুন্দৰ, গ্লেন ফিলিপচ, উমৰাণ মালিক, আদিল ৰছিদ, ভূৱনেশ্বৰ কুমাৰ, টি নটৰাজন, ফজলহক ফাৰুকী (SRH playing squad)

RR-যশস্বী জয়ছোৱাল, জচ বাটলাৰ, সঞ্জু চেমচন, দেৱদত্ত পাদিক্কাল, ৰিয়ান পৰাগ, ছিমৰণ হেটমাৰ, ৰবীচন্দ্ৰন আশ্বিন, জেচন হ’ল্ডাৰ, ট্ৰেন্ট ব’ল্ট, কেএম আশ্বিফ, যুজবেন্দ্ৰ চাহাল (RR playing squad)

পৰৱৰ্তী খেল-ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰু বনাম মুম্বাই ইণ্ডিয়ানছ, খেলৰ স্থান- এম চিন্নস্বামী ষ্টেডিয়াম, বেংগালুৰু ৷ (IPL RCB Vs MM)

Last Updated : Apr 2, 2023, 7:38 PM IST

ABOUT THE AUTHOR

...view details