অসম

assam

By

Published : Apr 30, 2021, 11:00 AM IST

ETV Bharat / sports

মাভিয়ে কোনদিশে বল দলিয়াব মই জানিছিলো: পৃথ্বী শ্ব

সোঁহতীয়া অ’পেনাৰ পৃথ্বী শ্বয়ে শিৱম মাভিৰ প্ৰথমটো অভাৰত এটা ৱাইডসহ 25 ৰাণ সংগ্ৰহ কৰে আৰু বাকী ছয়টা বলো বাউণ্ডেৰীলৈ মাৰি পঠিয়ায় ৷

Prithvi Shaw
পৃথ্বী শ্ব

স্পৰ্টছ ডেস্ক, 30 এপ্ৰিল : দিল্লী কেপিটেলছ (ডিচি)ৰ অ’পেনাৰ পৃথ্বী শ্বয়ে বৃহস্পতিবাৰে কলকাতাৰ বিৰুদ্ধে জয়লাভ কৰি কয় যে, তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিতে শিৱম মাভিৰ বিৰুদ্ধে খেলাৰ অভিজ্ঞতাই তেওঁক কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ)ৰ পেচাৰৰ বিৰুদ্ধে প্ৰথম অভাৰত ক্ৰমাগতভাৱে ছয়টা বলত ছয়টা ফ’ৰ সংগ্ৰহ কৰিছিল ৷

শ্বয়ে জনোৱা মতে, তেওঁ মাভিৰ সৈতে 4-5 বছৰ ধৰি খেলি আছে ৷ গতিকে তেওঁ জানিছিল যে মাভিয়ে কোনদিশে আৰু কেনেকৈ বল দিব ৷ তেওঁ মাভিৰ বলত প্ৰথমটো অভাৰত এটা ৱাইডসহ 25 ৰাণ সংগ্ৰহ কৰে আৰু বাকী ছয়টা ফ’ৰ সংগ্ৰহ কৰে ৷

উল্লেখ্য যে, শ্বয়ে মাত্ৰ 18 টা বলতে অৰ্ধশতক অৰ্জন কৰে, যিটো আইপিএলৰ ইতিহাসত দিল্লীৰ বাবে দ্বিতীয়টো দ্ৰুত ৰাণ আছিল ৷ খেলৰ সময়ত বিশেষ একো চিন্তা কৰা নাছিল যদিও সহজ বলৰ বাবে অপেক্ষা কৰা বুলি শ্বয়ে সদৰি কৰে ৷

লগতে পঢ়ক :এএফচি চেম্পিয়নছ লীগত অল ৱাহদাৰ হাতত পৰাস্ত এফচি গোৱা

ABOUT THE AUTHOR

...view details