অসম

assam

ETV Bharat / sports

TATA IPL 2023 : বৰ্ষাপাৰাত দিল্লী কেপিটেলছৰ বিৰুদ্ধে 58 ৰাণত জয়লাভ ৰাজস্থান ৰয়েলছৰ - MI vs CSK in Mumbai

বৰ্ষাপাৰাত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ (RR vs DC)। 58 ৰাণত পৰাস্ত DC ৷

TATA IPL 2023
বৰ্ষাপাৰা ষ্টেডিয়ামত আইপিএলৰ দ্বিতীয়খন খেল

By

Published : Apr 8, 2023, 4:46 PM IST

Updated : Apr 8, 2023, 7:31 PM IST

স্পৰ্টছ ডেস্ক, ৮ এপ্ৰিল :IPL 2023 এখন খেলত গুৱাহাটীৰ বৰ্ষাপাৰাত দিল্লী কেপিটেলছৰ বিৰুদ্ধে 58 ৰাণত জয়লাভ ৰাজস্থান ৰয়েলছৰ ৷ প্ৰথমে বেটিং কৰি RR দলে 200 ৰাণৰ লক্ষ্য বান্ধি দিছিল যদিও দুৰ্বল বেটিং প্ৰদৰ্শনৰ বাবে 142 ৰাণহে কৰিবলৈ সক্ষম হয় DC ৷ বেটিঙৰ দৰে RR দলটোৰ বলিঙো আৰম্ভণিৰ পৰাই আছিল আক্ৰমণাত্মক ৷ খেলৰ প্ৰথম অভাৰতে টেন্ট ব’ল্টে DC ৰ দুগৰাকীকৈ বেটচমেনচ বিনা ৰাণত আউট কৰে ৷ প্ৰথম অভাৰতে দুটা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই বিপদত পৰে DC (IPL 2023 Updates) ৷

তাৰ পাচতে অধিনায়ক ডেভিদ ৱাৰ্ণাৰ আৰু ৰিলী ৰোচোৱে দলৰ স্ক’ৰ আগুৱাই নিয়ে যদিও 14 ৰাণ কৰিয়েই আউট হয় ৰিলী ৷ তাৰ পাচতে ললিত যাদৱে ৱাৰ্ণাৰৰ সৈতে মিলি স্থিতি মজবুত কৰে যদিও বেছি টিকিব নোৱাৰিলে ৷ 24 বলত 38 ৰাণ কৰি আউট হয় ৰিলী ৷ অধিনায়ক ৱাৰ্ণাৰে 55 বলত 7 টা বাউণ্ডেৰী কোবাই 65 ৰাণ কৰে ৷ কিন্তু নিয়মীয়া গতিত উইকেট পতনৰ বাবে 20 অভাৰত 9 টা উইকেট হেৰুৱাই 142 ৰাণহে কৰিবলৈ সক্ষম হয় DC ৷ এয়া তেওঁলোকৰ তৃতীয়টো পৰাজয় (DC vs RR live score) ৷

ইয়াৰ পূৰ্বে টচত জিকি DC য়ে RR ক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় ৷ RR ৰ দুই অপেনাৰ যশস্বী জয়ছোৱাল আৰু জচ বাটলাৰে সুন্দৰ আৰম্ভণি কৰে ৷ 31 টা বল খেলি 11 টা বাউণ্ডেৰী আৰু 1 টা অবাৰ বাউণ্ডেৰীৰে 60 ৰাণ সংগ্ৰহ কৰে জয়ছোৱালে ৷ জচ বাটলাৰে 51 টা বলত 11 টা বাউণ্ডেৰী আৰু 1 টা অবাৰ বাউণ্ডেৰী কোবাই 79 ৰাণৰ বৰঙণি যোগায় ৷ অৱশ্যে আজিৰ খেলত কোনো ৰাণ নকৰাকৈয়ে পেভিলিয়নমুখী হয় অধিনায়ক চেমচন ৷ পঞ্চম স্থানত বেটিং কৰিবলৈ অহা হেটমাৰে 1 টা বাউণ্ডেৰী আৰু 4 টা অভাৰ বাউণ্ডেৰী কোবাই 39 ৰাণ কৰি নট আউট হৈ ৰয় ৷ নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 199 ৰাণ সংগ্ৰহ কৰে RR দলে (IPL 2023 RR Vs DC) ৷

ইফালে, আজিৰ দিনটোতে টাটা আই পি এলৰ দ্বিতীয়খন মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত অনুষ্ঠিত হৈছে (MI vs CSK in Mumbai)। ৰোমাঞ্চকৰ খেলখন মুম্বাইত ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে । চেন্নাই চুপাৰ কিংছে দুখন খেলৰ ভিতৰত এখনত জয়ী হৈছে আৰু মুম্বাই দলটোৱে প্ৰথমখন খেলতে পৰাজিত হৈছে ।

ৰাজস্থান ৰয়েলছৰ প্লেয়িং-১১
জছ বাটলাৰ, যশস্বী জয়ছোৱাল, সঞ্জু চেমছন (অধিনায়ক), ৰিয়ান পৰাগ, চিমৰন হেটমেয়াৰ, ধ্ৰুৱ জুৰেল, ৰবীচন্দ্ৰন অশ্বিন, জেচন হোল্ডাৰ, ট্ৰেণ্ট ব'ল্ট, সন্দীপ শৰ্মা, যুজবেন্দ্ৰ চাহাল ।

দিল্লী কেপিটেলছৰ প্লেয়িং-১১
ডেভিদ ৱাৰ্ণাৰ (অধিনায়ক), মনীষ পাণ্ডে, ৰিলে ৰছৌউ, ৰোভমেন পাৱেল, ললিত যাদৱ, অক্সৰ পেটেল, অভিষেক পোৰেল (উইকেটকিপাৰ), এৰিক নাৰ্জে, খলিল আহমেদ, কুলদীপ যাদৱ, মুকেশ কুমাৰ ।

লগতে পঢ়ক :IPL 2023 Updates: LSG ৰ পাঁচ উইকেটত জয়লাভ; ক্ৰমাগত দ্বিতীয়টো পৰাজয় SRH ৰ

Last Updated : Apr 8, 2023, 7:31 PM IST

ABOUT THE AUTHOR

...view details