অসম

assam

ETV Bharat / sports

আমি অধিক শক্তিশালী মানসিকতাৰে প্ৰত্যাৱৰ্তন কৰিম : শ্ৰেয়াস আয়াৰ - প্ৰথম কোৱালিফায়াৰত পৰাস্ত দিল্লী

প্ৰথম কোৱালিফায়াৰত দিল্লীৰ বিৰুদ্ধে পৰাস্ত মুম্বাই ৷ মুম্বাইৰ 200 ৰাণৰ পৰিৱৰৰ্তে দিল্লীয়ে কেৱল 143 ৰাণহে কৰিবলৈ সক্ষম হয় ৷

IPL 2020
শ্ৰেয়াস আয়াৰ

By

Published : Nov 6, 2020, 6:07 PM IST

স্পৰ্টছ ডেস্ক, 6 নৱেম্বৰ : মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে প্ৰথম কোৱালিফায়াৰত পৰাস্ত হোৱাৰ পাচত দিল্লী কেপিটেলছৰ অধিনায়ক শ্ৰেয়াস আয়াৰে মন্তব্য কৰে যে, তেওঁৰ দলে অধিক শক্তিশালী মানসিকতাৰে মেচলৈ প্ৰত্যাৱৰ্তন কৰিব ৷ দিল্লীৰ বিৰুদ্ধে 57 ৰাণত জয়ী হোৱা মুম্বাই দল আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে 10 নৱেম্বৰত ফাইনেলত প্ৰতিদ্বন্দিতা আগবঢ়াব ৷

আনহাতে, ফাইনেলত প্ৰৱেশৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ'ব এখন মেচ ৷ সেই মেচত জয়ী দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব দিল্লী ৷

শ্ৰেয়াস আয়াৰ

উল্লেখ্য যে, মুম্বাই দলে বান্ধি দিয়া 201 ৰাণৰ লক্ষ্য অনুসৰণ কৰি দিল্লীয়ে 8 টা উইকেট হেৰুৱাই 143 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দিল্লীৰ হৈ কেৱল অল ৰাউণ্ডাৰ মাৰ্কাছ ষ্টইনিছ আৰু অক্সৰ পেটেলেহে ভাল প্ৰদৰ্শন দেখুৱায় ৷ ষ্টইনিছে তিনিটা ছয় আৰু ছয়টা চাৰিৰে 46 বলত 65 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, পেটেলে 33 বলত 42 ৰাণ সংগ্ৰহ কৰে ৷ মুম্বাইৰ হৈ বুমৰাহে চাৰিটা আৰু বল্টে দুটা উইকেট দখল কৰে ৷

পৰাজয়ৰ পাচত বুমৰাহে কয়, "বহু কষ্টকৰ ৷ মই কোনো বিয়োগাত্মক মন্তব্য কৰিব নিবিচাৰো, কিন্তু আমি অধিক শক্তিশালী মানসিকতাৰে প্ৰত্যাৱৰ্তন কৰিব বিচাৰো ৷ মুম্বাইৰ প্ৰথম দুটা উইকেট দখল কৰাৰ সময়ত আমি মেচৰ উৰ্ধত আছিলো আৰু তেওঁলোকে 13-14 অ'ভাৰত 110 ৰাণ সংগ্ৰহ কৰিছিল ৷ সেই সময়ৰ আমি ভাল ব্যৱহাৰ কৰিব পাৰিব লাগিছিল ৷ এই উইকেটত আমি 170 ৰাণ অনুসৰণ কৰিব পাৰিলোহেঁতেন ৷ কিন্তু এয়া খেলৰ অংশ ৷ সকলো দিন আপোনাৰ হ'ব নোৱাৰে ৷ আমালৈ অহা সুবিধাৰ সঠিক ব্যৱহাৰ কৰিব লাগে ৷"

তেওঁ লগতে কয়, "সদায় একে নিয়ম অনুসৰণ কৰা সহজ নহয় ৷ আমি বহু প্ৰশিক্ষণ আৰু কষ্ট কৰিছো ৷ অশ্বিনৰ প্ৰদৰ্শন প্ৰশংসনীয় ৷ তেওঁ সদায়ে দললৈ সমৰ্থন আগবঢ়ায় ৷ তেওঁ বেটছমেনৰ চিন্তাৰে খেলে ৷ তেওঁলোকৰ দলত সকলো বেটছমেনে ভাল প্ৰদৰ্শন দেখুৱালে, বিশেষকৈ যেতিয়া হাৰ্ডিক আৰু পোলাৰ্ড লৱাৰ অৰ্ডাৰত আহিছিল আৰু তেওঁলোকৰ টপ অৰ্ডাৰৰ বেটছমেন বহু ভাল ফৰ্মত আছে ৷ সেয়েহে তেওঁলোকক নিয়ন্ত্ৰিত কৰা ইমানো সহজ নহয় ৷"

পূৰ্বে, ইশান কিশান আৰু হাৰ্ডিক পাণ্ডিয়াৰ ক্ৰমে 55 আৰু 37 ৰাণৰ ইনিংছৰ জৰিয়তে মুম্বাই ইণ্ডিয়ানছে 5 টা উইকেট হেৰুৱাই 200 ৰাণ সংগ্ৰহ কৰিছিল ৷ প্ৰথমে বেটিং কৰি আৰ. অশ্বিনৰ হাতত কোনো ৰাণ সংগ্ৰহ নকৰাকৈ উইকেট হেৰুৱাই অপেনাৰ ৰোহিত শৰ্মাই ৷ ইয়াৰ পাচত সূৰ্যকুমাৰ যাদৱৰ সৈতে কুইন্টন ডি ককে দূৰ্দান্ত বেটিং প্ৰদৰ্শন কৰে৷ ছয় অ'ভাৰত মুম্বাই ইণ্ডিয়ানছে 1 টা উইকেট হেৰুৱাই 63 ৰাণ সংগ্ৰহ কৰে ৷ ডি কক আৰু সূৰ্যকুমাৰ যাদৱে 62 ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়াৰ পাচতে অশ্বিনৰ হাতত 40 ৰাণ কৰি উইকেট হেৰুৱাই ডি ককে ৷ 12 অ'ভাৰত অৰ্ধশতক অৰ্জন কৰে সূৰ্যকুমাৰ যাদৱে ৷ বিগ হিটাৰ কেইৰন পোলাৰ্ডো কোনো ৰাণ নকৰাকৈ আউট হোৱাৰ ফলত 4 টা উইকেট হেৰুৱাই 13 অভাৰত মুম্বাই দলে 101 ৰাণহে সংগ্ৰহ কৰে ৷ মেচৰ শেষৰ ফালে ইশান আৰু পাণ্ডিয়াৰ দূৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তে মুম্বাইয়ে 200 ৰাণ সংগ্ৰহ কৰে ৷

লগতে পঢ়ক :প্ৰথম কোৱালিফায়াৰ : মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দিল্লী কেপিটেলছ

ABOUT THE AUTHOR

...view details