অসম

assam

By

Published : Oct 8, 2020, 5:44 PM IST

ETV Bharat / sports

আইপিএল 2020 : আজিৰ মেচত হায়দৰাবাদ বনাম পাঞ্জাৱ

আইপিএলত আজি কিংছ ইলেভেন পাঞ্জাৱ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচ ৷ আজিৰ মেচত দুয়ো দলে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে ৷

আইপিএল 2020
আজিৰ মেচত হায়দৰাবাদ বনাম পাঞ্জাৱ

স্পৰ্টছ ডেস্ক, 8 অক্টোবৰ :আইপিএলৰ আজিৰ মেচত মুখামুখি হ'ব কিংছ ইলেভেন পাঞ্জাৱ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ ৷ মায়ংক আগৰৱাল আৰু অধিনায়ক কে. এল. ৰাহুলৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পাচতো 5 খনৰ মেচৰ 4 খনতে পৰাজয়ৰ সন্মুখীন হৈছে পাঞ্জাৱ দল ৷ আনহাতে, বহু কেইজন দুৰ্দান্ত ক্ৰিকেটাৰ থকাৰ পাচতো 5 খন মেচৰ 3 খনতে পৰাস্ত হৈছে হায়দৰাবাদ দল ৷ এনে পৰিস্থিতিত আজিৰ মেচত দুয়ো দলে জয়ৰ বাবে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি আশা কৰা হৈছে ৷

আজিৰ মেচত হায়দৰাবাদ বনাম পাঞ্জাৱ

পাঞ্জাৱৰ বেটিং বহু পৰিমাণে নিৰ্ভৰ কৰিব ৰাহুল আৰু মায়ংকৰ ওপৰত ৷ এই দুই ক্ৰিকেটাৰে বৰ্তমানলৈকে সংগ্ৰহ কৰিছে ক্ৰমে 302 আৰু 272 ৰাণ ৷ গ্লেন মেক্সৱেল আৰু নিকোলাছ পুৰানৰ উপস্থিতিতো দলে মধ্যক্ৰমত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই ৷

আনহাতে, দলটোৰ বলিঙো বহু পৰিমাণে নিৰ্ভৰ কৰিছে মহম্মদ ছামীৰ ওপৰত কিয়নো এম. অশ্বিন, ৰবি বিষ্ণৈ, শ্বেলডন কট্ৰেল আদি খেলুৱৈসকলে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই ৷

কিংছ ইলেভেন পাঞ্জাৱ

আনহাতে, হায়দৰাবাদ দলেও মিডল অৰ্ডাৰত সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ অপেনিঙত ডেভিদ ৱাৰ্ণাৰ আৰু জনী বেয়াৰষ্ট'ৰ বাহিৰে কোনো খেলুৱৈয়ে ভাল প্ৰদৰ্শন দেখুওৱা নাই ৷

2016 চনৰ আইপিএল চেম্পিয়ন দলটোত মিডল অৰ্ডাৰ পাৱাৰ হিটাৰৰ অভাৱ পৰিলক্ষিত হৈছে ৷ 19 বৰ্ষীয় প্ৰিয়ম গাৰ্গে এখন মেচত অৰ্ধ শতক অৰ্জন কৰিছিল যদিও ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ অসমৰ্থ হয় ৷ দলৰ প্ৰয়োজনৰ সময়ত ভাল প্ৰদৰ্শন কৰিবলৈ অসমৰ্থ হৈছে কেন উইলিয়ামছন ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদ

স্কোৱাড :

কিংছ ইলেভেন পাঞ্জাৱ :কে. এল. ৰাহুল, হৰপ্ৰীত ব্ৰাৰ, ইশান পোৰেল, মন্দীপ সিং, জেমছ নিশাম, তাজিন্দৰ সিং, ক্ৰিছ জৰ্ডান, কৰুন নায়াৰ, দিপক হুদা, ৰবি বিষ্ণৈ, অৰ্শদ্বীপ সিং, গ্লেন মেক্সৱেল, মুজীৱ ওৰ ৰহমান, ছৰফৰাজ খান, শ্বেলডন কট্ৰেল, মায়ংক আগৰৱাল, মহম্মদ ছামী, দৰ্শন নালকান্দে, নিকোলাছ পুৰান, ক্ৰিছ গেইল, মুৰুগান অশ্বিন, জগদীশা সুশিথ, কৃষ্ণাপ্পা গৌথাম, হৰদাস ভিলজিয়ন, ছিমৰন সিং ৷

ছানৰাইজাৰ্ছ হায়দৰাবাদ : কেন উইলিয়ামছন, ডেভিদ ৱাৰ্ণাৰ, জনী বেয়াৰষ্ট, মনিষ পাণ্ডে, মহম্মদ নবী, প্ৰিয়ম গাৰ্গ, বিজয় শংকৰ, ঋধিমান সাহা, বিৰাট সিং, পৃথ্বী য়াৰা, বাছিল থাম্পি, অভিষেক শৰ্মা, বিল্লী ষ্টেনলেক, সন্দীপ শৰ্মা, ছাহবাজ নদীম, শ্ৰীবটছ গোস্বামী, সিদ্বাৰ্থ কৌল, খলীল আহমেদ, টি. নটৰাজন, মিটছেল মাৰ্শ্ব, বাভাংকা সন্দীপ, ফেবিয়ান এলেন, আব্দুল ছামাদ, সঞ্জয় যাদৱ, ৰশিদ খান ৷

লগতে পঢ়ক :ইণ্ডিয়া ছিৰিজৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অস্থায়ী সময়সূচী ঘোষণা

ABOUT THE AUTHOR

...view details