অসম

assam

ETV Bharat / sports

ৰাহুল টেৱতিয়াৰ প্ৰশংসা কৰি টুইটাৰৰ বায়' সলনি কৰিলে ৰাজস্থান ৰয়েলছে

IPLত কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে দেওবাৰে ৰাজস্থান ৰয়েলছ জয়ী হৈ অভিলেখ গঢ়িলে দলটোৱে। এটা অ'ভাৰত ৬টা ছিক্সাৰেৰে দুৰ্দান্ত প্ৰদৰ্শন কৰে ৰাজস্থান ৰয়েলছৰ ৰাহুল টেৱতিয়াই। ৬টা উইকেট হেৰুৱাই ৰাজস্থান ৰয়েলছে ২২৪ ৰান সংগ্ৰহ কৰে।

By

Published : Sep 28, 2020, 7:12 PM IST

Updated : Sep 28, 2020, 7:21 PM IST

টুইটাৰৰ বায়' সলনি কৰিলে ৰাজস্থান ৰয়েলছে
টুইটাৰৰ বায়' সলনি কৰিলে ৰাজস্থান ৰয়েলছে

স্পৰ্টছ ডেস্ক,২৮ছেপ্টেম্বৰ: কিংছ ইলেভেন পঞ্জাৱক পৰাস্ত কৰি অভিলেখ গঢ়া ৰাজস্থান ৰয়েলছে সলনি কৰিলে টুইটাৰৰ বায়'। 'HOPING 2020 does a Rahul Tewatia' লিখি প্ৰশংসা কৰে খেলুৱৈজনক। IPLত কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে দেওবাৰে হোৱা খেলত ২৭বছৰীয়া ৰাহুল টেৱতিয়াৰ প্ৰদৰ্শনৰ শলাগ লৈ দলটোৱে সলনি কৰিলে টুইটাৰৰ বায়'। এটা অ'ভাৰত ৬টা ছিক্সাৰেৰে দুৰ্দান্ত প্ৰদৰ্শন কৰে ৰাহুলে।

টুইটাৰৰ বায়' সলনি কৰিলে ৰাজস্থান ৰয়েলছে
টুইটাৰৰ বায়' সলনি কৰিলে ৰাজস্থান ৰয়েলছে

ছাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত ৬ টা উইকেট হেৰুৱাই জয়ৰ বাবে প্ৰয়োজন হোৱা ২২৪ ৰান সংগ্ৰহ কৰে । ৰাজস্থান ৰয়েলছৰ অধিনায়ক ষ্টিভেন স্মিথে ২৭টা বলত ২টা ছিক্সাৰ আৰু সঞ্জু ছেমছনে ৭৪ ৰান সংগ্ৰহ কৰে। ৰাহুল টেৱটিয়াই ৩১টা বলত ৭টা ছিক্সাৰেৰে ৫৩ ৰান সংগ্ৰহ কৰে।

টুইটাৰৰ বায়' সলনি কৰিলে ৰাজস্থান ৰয়েলছে

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ বাবে এইবাৰ ঘৰৰ পৰাই IPL উপভোগ কৰিবলগীয়া হৈছে ক্ৰীড়াপ্ৰেমীয়ে।

Last Updated : Sep 28, 2020, 7:21 PM IST

ABOUT THE AUTHOR

...view details