অসম

assam

By

Published : Apr 1, 2019, 2:11 PM IST

ETV Bharat / sports

মোহলীত পাঞ্জাৱৰ বিৰুদ্ধে দিল্লী

সোমবাৰে মোহালীত আই পি এলৰ দ্বাদশ সংস্কৰণৰ ত্ৰয়োদশ মেচত মুখামুখি হ'ব কিংছ ইলেভেন পাঞ্জাৱ আৰু দিল্লী কেপিটেলছ । দিল্লীৰ ঋষভ পন্তৰ লগতে কিংছ ইলেভেনৰ গেইলৰ ওপৰত থাকিব ক্ৰীড়া প্ৰেমীৰ দৃষ্টি ।

কিংছ ইলেভেন পাঞ্জাৱ বনাম দিল্লী কেপিটেলছ

স্পৰ্টছ ডেস্ক, ১ এপ্ৰিল: পাঞ্জাৱৰ মোহলীত সোমবাৰে আই পি এলৰ ত্ৰয়োদশ মেচত মুখামুখি হ'ব কিংছ ইলেভেন পাঞ্জাৱ আৰু দিল্লী কেপিটেলছ । সন্ধিয়া ৮ বজাত অনুষ্ঠিত হ'ব এই মেচখন । দুয়োটা দলেই ইয়াৰ পূৰ্বে নিজৰ নিজৰ মেচত জয় লাভ কৰি আত্মবিশ্বাসী হৈ আছে । দিল্লী কেপিটেলছে এক শ্বাসৰুদ্ধকাৰী মেচত কলকাতা নাইট ৰাইডাৰ্ছক ছুপাৰ অভাৰত পৰাস্ত কৰাৰ বিপৰীতে কিংছ ইলেভেন পাঞ্জাৱে মুম্বাই ইণ্ডিয়ানছ দলটোক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ।পাঞ্জাৱ আৰু দিল্লী দলটোৱে বৰ্তমানলৈকে ২২ খন মেচত অৱতীৰ্ণ হৈছে । য'ত দিল্লীয়ে ৯ খন মেচত জয় লাভ কৰাৰ বিপৰীতে ১৩ খন মেচত জয়ী হৈছে পাঞ্জাৱ ।

উল্লেখ্য যে, দুয়োটা দলতেই পৰিপূৰ্ণ হৈ আছে বিগ হিটিং খেলুৱৈৰে । গতিকে এতিয়া আশা কৰা হৈছে ক্ৰীড়া প্ৰেমীয়ে এক হাই স্কৰিং মেচ উপভোগ কৰাৰ ।

ABOUT THE AUTHOR

...view details