অসম

assam

By

Published : Apr 25, 2019, 4:09 AM IST

ETV Bharat / sports

পঞ্জাৱৰ বিৰুদ্ধে জয়লাভ বেংগালুৰুৰ

আই পি এলৰ দ্বাদশ সংস্কৰণৰ 42 সংখ্যক মেচখনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰৰ হাতত পৰাজয় কিংছ ইলেভেন পাঞ্জাৱৰ ৷

etv bharat

কৰ্ণাটক, 25 এপ্ৰিলঃ বুধবাৰে এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এলৰ 42 সংখ্যক মেচখনত 17 ৰাণৰ ব্যৱধানেৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হাতত পৰাস্ত হ’ল কিং ইলেভেন পঞ্জাৱ ৷ এবি ডে ভিলিয়াৰছৰ সহায়েৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে অৰ্জন কৰিলে এই সফলতা ৷


বুধবাৰৰ খেলখনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু দলৰ খেলুৱৈ ডে ভিলাৰ্চে সৰ্বাধিক 82 ৰাণৰ অৱদান দলটোলৈ আগবঢ়াই ৷ 42 সংখ্যক মেচখনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে জয়ৰ বাবে বান্ধি দিয়া 203 ৰাণৰ লক্ষ্য, অন্তিম অভাৰত 7 টা উইকেট হেৰুৱাই 185 ৰাণলৈকে অতিক্ৰম কৰিবলৈ সক্ষম হয় কিং ইলেভেন পঞ্জাৱে ৷


28 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ইয়াৰ পৰৱৰ্তী আই পি এলৰ খেলত বেংগালুৰু দল মুখামুখি হ’ব দিল্লী কেপিটেলছ দলৰ সৈতে ৷ লগতে, 29 এপ্ৰিলত অনুষ্ঠিত হ’ব কিং ইলেভেন পঞ্জাৱ দল আৰু চান ৰাইজাৰ্চ হায়দৰাবাদৰ বিৰুদ্ধে ৷

ABOUT THE AUTHOR

...view details