স্প’ৰ্টছ ডেস্ক,২০ জুলাই:ভাৰত আৰু শ্ৰীলংকাৰ মাজত আৰম্ভ হৈছে তিনিদিনীয়া শৃংখলাৰ দ্বিতীয়খন এদিনীয়া (Second one day) মেছ । আৰ প্ৰেমাদাসা ষ্টেডিয়ামত আৰম্ভ হোৱা এই খেলত টছত জয়ী হৈছে দাছুন শানাকা (Dasun Shanaka) নেতৃত্বৰ শ্ৰীলংকা বাহিনীয়ে । টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে শ্ৰীলংকা দলে । যোৱা খেলখনত যিধৰণে ভাৰতীয় বেটছমেনে ৰাণৰ টাৰ্গেট সহজে অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল এইখন খেলত শ্ৰীলংকাৰ বলাৰসকলে কিধৰণে বলিং কৰে সেয়াহে লক্ষণীয় হ'ব ।
পিটছ ৰিপৰ্ট অনুসৰি পিটছখন বেটিঙৰ বাবে ভাল । সেয়ে দুয়োটা দলে ডাঙৰ স্ক'ৰ কৰিব বিচাৰিব । ইনিংছৰ আৰম্ভণিতে কিছু সহায় থাকিব আৰু বলাৰসকলে তাৰ সৰ্বাধিক ব্যৱহাৰ কৰিব বিচাৰিব । বলাৰৰ সঠিক লাইন আৰু দৈৰ্ঘ্যই দুয়োটা দলৰ বাবে অতি প্ৰয়োজনীয় কাৰক হিচাপে বিবেচিত হ'ব ।
টছত জয়ী হৈ শ্ৰীলংকাৰ অধিনায়ক শানাকাই কয় যে তেওঁলোকে প্ৰথমে বেটিং কৰিব । উইকেটটো যোৱা খেলতকৈ উন্নত আৰু ইয়াত প্ৰথমে বেটিং কৰাটো উৎকৃষ্ট হ'ব । তেওঁৰ মতে তেওঁলোকে ভালদৰে শেষ কৰিব পাৰিব কিন্তু মাজৰ অভাৰ খিনি তাতকৈও ভালদৰে খেলিব লাগিব । দলটোত উদানাৰ স্থান লৈছে কাছুন ৰাজিথাই ।