অসম

assam

ETV Bharat / sports

বিশ্বকাপৰ পাছত ৰোহিত শৰ্মা হ'ব টি-২০ দলৰ অধিনায়ক: বিনোদ কাম্বলী - প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলী

অহা অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ ক্ৰিকেট । ইয়াৰ পূৰ্বে বিৰাট কোহলীয়ে ঘোষণা কৰিছে বিশ্বকাপৰ পাছত তেওঁ টি-২০ ফৰ্মেটত অধিনায়কৰ দায়িত্ব এৰিব । তেওঁৰ এই ঘোষণাৰ পাছত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

T20
বিনোদ কাম্বলী

By

Published : Sep 17, 2021, 10:37 AM IST

স্পৰ্টছ ডেস্ক, ১৭ ছেপ্টেম্বৰ :আহি আছে টি-২০ বিশ্বকাপ ক্ৰিকেট (T20 World Cup) । কিন্তু শেহতীয়াকৈ এই প্ৰতিযোগিতাৰ পূৰ্বে ভাৰতীয় দলটোৰ আধিনায়ক সম্বন্ধে বিভিন্ন ধৰণৰ বিতৰ্ক আৰম্ভ হৈছে । বহুতে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে যে আগন্তুক প্ৰতিযোগিতাৰ বাবে ভাৰতৰ অধিনায়ক সলনি হ'ব । বিৰাট কোহলীৰ (Virat Kohli) ঠাইত অধিনায়কৰ দায়িত্ব ল'ব ৰোহিত শৰ্মাই (Rohit Sharma) ।

অৱশ্যে এই ক্ষেত্ৰত এতিয়াও BCCI কোনো ঘোষণা কৰা নাই । ইয়াৰ মাজতে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীয়ে (Vinod Kambli) অনুভৱ কৰিছে যে ২০২১ চনৰ বিশ্বকাপৰ পিছত টি-২০ ত অপেনাৰ বেটছমেন ৰোহিত শৰ্মা হ'ব দলৰ অধিনায়ক । তেওঁ কোৱা মতে বৰ্তমান বিৰাট অধিনায়কত্বৰ পৰা আঁতৰি আহিছে সেয়ে তেওঁ অনুভৱ কৰে যে ৰোহিতে অধিনায়ক হোৱাৰ সুযোগ পাব পাৰে ।

তেওঁ লগতে কয় যে, বিৰাট কোহলীয়ে কোনো চাপ অবিহনে খেলাতো তেওঁ বিচাৰে । যিহেতু আইপিএলত ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians) কেইবাবাৰো জয়ী হৈছে সেয়ে বিনোদ কাম্বলীয়ে ধাৰণা কৰিছে যে সম্ভৱতঃ ৰোহিত শৰ্মাই লাভ কৰিব অধিনায়কৰ দায়িত্ব ।

ইফালে কোহলীয়ে বৃহস্পতিবাৰে ঘোষণা কৰিছে যে চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰত আৰৱত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পিছত তেওঁ দলৰ টি-২০ অধিনায়কৰ পদ ত্যাগ কৰিব । অৱশ্যে তেওঁ ২০২১ চনত আগন্তুক আইচিচি ইভেণ্টৰ পিছত টি-২০ ফৰ্মেটৰ বাবে অধিনায়ক হিচাপে থাকিব । কোহলীয়ে কৈছিল যে মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু বেটছমেন ৰোহিত শৰ্মাৰ সৈতে আলোচনা কৰাৰ পিছত তেওঁ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব ।

কাম্বলীয়ে কয় যে, সকলোৱে বিৰাটৰ টি-২০ ৰ প্ৰতিভা চাবলৈ অপেক্ষা কৰি আছে । তেওঁ বিশেষকৈ বিশ্বকাপত ভাৰত-পাকিস্তানৰ মাজৰ খেল খনৰ বাবে অপেক্ষা কৰি আছে । অধিনায়কৰ পৰা পদত্যাগ কৰা সন্দৰ্ভত কাম্বলীয়ে কয় যে যদি বিৰাটে অধিনায়কৰ পদ ত্যাগ কৰে তেনেহ'লে বিৰাটৰ টি-২০ বেটছমেনৰ আচল ৰূপ সকলোৱে দেখিব কাৰণ তেওঁ কোনো চাপ অবিহনে খেলিব পাৰিব ।

উল্লেখ্য যে, কোহলীয়ে ৪৫ খন টি-২০ত ভাৰতক নেতৃত্ব দিছে আৰু দলটোৱে ইয়াৰ ভিতৰত ২৭ খনত জয় লাভ কৰিছে । ভাৰতে কোহলীৰ অধিনায়কত্বত মাত্ৰ ১৪ খন টি-২০ত বিফল হৈছে য'ত দুখন খেল টাই হৈছে আৰু দুখন খেলৰ কোনো ফলাফল নাছিল ।

লগতে পঢ়ক :T20 World Cup ৰ পিছত T20I ৰ অধিনায়ক পদ ত্যাগ কৰিব কিং কোহলীয়ে

ABOUT THE AUTHOR

...view details