অসম

assam

ETV Bharat / sports

NCA ৰ মুৰব্বী পদৰ বাবে পুনৰ আবেদন ৰাহুল দ্ৰাবিড়ৰ

দুবছৰীয়া চুক্তি সমাপ্ত হোৱাৰ সময়ত BCCIয়ে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী(National Cricket Academy)ৰ মূৰব্বী পদৰ বাবে পুনৰ আবেদন জনোৱাৰ আহ্বান জনাইছে প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ক(Rahul Dravid) ৷ BCCI য়ে মুৰব্বী পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন কৰাৰ সময়সীমা কেইদিনমানলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৷

rahul dravid only candidate to apply for NCA's Head of Cricket post
NCAৰ মুৰব্বী পদৰ বাবে পুনৰ আবেদন ৰাহুল দ্ৰাবিড়ৰ

By

Published : Aug 19, 2021, 11:51 AM IST

স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট :ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ে(Rahul Dravid) ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী(National Cricket Academy)ত মুৰব্বী পদৰ বাবে পুনৰ আবেদন কৰিছে ৷ ইয়াৰ লগে লগে টি-20 বিশ্বকাপৰ অন্তত ৰবি শাস্ত্ৰীক(Ravi Shastri) ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে স্থানান্তৰ কৰাৰ জল্পনা-কল্পনাৰ অন্ত পৰাৰ সম্ভাৱনা আছে ৷

দ্ৰাবিড়ৰ দুবছৰীয়া চুক্তি সমাপ্ত হোৱাৰ সময়ত BCCI য়ে পুনৰ আবেদনৰ বাবে আমন্ত্ৰণ জনাইছে প্ৰাক্তন অধিনায়কগৰাকীক ৷ BCCI ৰ নতুন নীতি অনুসৰি, মুৰব্বী সম্প্ৰসাৰণৰ কোনো ব্যৱস্থা নাই ৷ গতিকে নিয়োগ প্ৰক্ৰিয়া নতুনকৈ আৰম্ভ কৰিব লাগিব ।

লগতে পঢ়ক :ৰবি দহিয়াৰ নামেৰে নামাকৰণ কৰা হ'ব এখন বিশেষ বিদ্যালয়

ৰাহুল দ্ৰাবিড়ে মুৰব্বী পদৰ বাবে পুনৰ আবেদন কৰিছে । তেওঁ NCA ৰ স্থিতি উৎকৃষ্টভাৱে সলনি কৰিছে ৷ এক সংবাদ সংস্থাযোগে BCCI ৰ জ্যেষ্ঠ বিষয়াই এই কথা সদৰী কৰে ৷ লগতে তেওঁ কয় যে, ৰাহুল দ্ৰাবিড়ৰ বাহিৰে এই পদৰ বাবে আবেদন কৰা আন কোনো বিশিষ্ট নাম তেওঁলোকৰ হাতত আহি পৰা নাই ৷

তথাপিও মুৰব্বী পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন কৰাৰ সময়সীমা কেইদিনমানলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে BCCI য়ে । 15 আগষ্টৰ পৰা কেইদিনমানলৈ সময়সীমা বৃদ্ধি কৰিছে BCCI য়ে ৷ যেতিয়ালৈকে ৰাহুল এই পদত আছিল তেতিয়ালৈ একাডেমীক লৈ কোনো চিন্তাৰ বিষয় আহি পৰা নাছিল ৷ দ্য ৱাল খ্যাত দ্ৰাবিড় থাকিলে অন্য প্ৰাৰ্থীৰ কথা ভবাৰ প্ৰয়োজন নাই বুলি BCCI ৰ জ্যেষ্ঠ বিষয়াই মন্তব্য কৰে ৷ তেওঁৰ পুনৰ আবেদনে নিশ্চিত কৰে যে, ৰাহুলে এতিয়াও শক্তিশালীভাৱে NCA ক সহায় কৰিব বিচাৰে ।

লগতে পঢ়ক :বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা

ABOUT THE AUTHOR

...view details