অসম

assam

ETV Bharat / sports

Cricket World Cup : ভাৰতৰ বিশ্বকাপ অভিযানৰ আৰম্ভ, চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেল - Team India squad for World Cup

পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে বিশ্বকাপ অভিযানৰ প্ৰথমখন খেল খেলিব । গিল অবিহনে ভাৰতীয় দলটোৱে বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে । বিশ্বকাপৰ আয়োজক ভাৰতৰ বিজয়ৰ বাবে প্ৰাৰ্থনা দেশবাসীৰ ।

Cricket World Cup
ভাৰতৰ বিশ্বকাপ অভিযানৰ আৰম্ভ

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 12:03 PM IST

Updated : Oct 8, 2023, 2:55 PM IST

স্পৰ্টছ ডেস্ক,৮ অক্টোবৰ :আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব । ইতিমধ্যে ভাৰতীয় দলটোৱে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু সৰ্বাধিকবাৰ চেম্পিয়ন হোৱা দলটোৰ বিৰুদ্ধে বিশেষ ৰণনীতিও প্ৰস্তুত কৰিছে ঘৰুৱা দলটোৱে । অৱশ্যে ভাৰতীয় অপেনাৰ শুভমন গিল অসুস্থ হোৱাৰ লগে লগে বেটিং লাইন আপত কিছু সমস্যা দেখা গৈছে । কিন্তু এই সমস্যাৰ সমাধান সূত্ৰও ভাৰতে উলিয়াইছে ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন খেলত ৰোহিত শৰ্মাৰ সৈতে ঈশান কিষাণে অপেনিং কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে দুৰ্ধৰ্ষ চৰিত্ৰৰে কেইবাখনো খেলত ভাৰতক সহায় কৰা কিষাণে গিলৰ স্থানত কেনে খেলে সেয়া সময়ত লক্ষণীয় হ'ব । স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাৰ সৈতে এই বিশ্বকাপত ভাৰতীয় দলটো যথেষ্ট আকৰ্ষণীয় হ'ব ।

ইফালে শেহতীয়াকৈ ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলা ২-১ ত জয়ী হৈছে । সেয়েহে ৫ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় খেলুৱৈসকল অত্যন্ত আত্মবিশ্বাসী হ'ব । আনহাতে চেন্নাইৰ ষ্টেডিয়ামেও ভাৰতীয় দলটোক সহায় কৰিব পাৰে । কিয়নো চেন্নাই ভাৰতীয় দলৰ হাণ্টিং গ্ৰাউণ্ড হিচাপেও জনাজাত ।

মিচেল ষ্টাৰ্কৰ নেতৃত্বত অষ্ট্ৰেলিয়ান পেচাৰসকলে অৱশ্যে ভাৰতীয় বেটছমেনক প্ৰত্যাহ্বান জনাব পাৰে । অৱশ্যে, স্পিনাৰ এডাম জাম্পা বিশেষকৈ ভাৰতৰ বাবে টাৰ্ণিং পইণ্ট হ'ব পাৰে । কিয়নো শেহতীয়াকৈ জাম্পাৰ প্ৰদৰ্শন অতি দুৰ্বল দেখা গৈছে ।

অষ্ট্ৰেলিয়াৰ ফাষ্ট বলাৰৰ সৈতে সামঞ্জস্য ৰাখি ভাৰতৰ বলিং অৰ্ডাৰো শক্তিশালী দেখা গৈছে । যশপ্ৰীত বুমৰাহ পুনৰ একচনলৈ উভতি আহিছে আৰু মহম্মদ চিৰাজ এতিয়া আইচিচি ৰেংকিঙত এক নম্বৰত আছে । ৰাণ স্তব্ধ কৰাৰ ক্ষেত্ৰত জনাজাত মহম্মদ ছামীও অন্যতম অংশীদাৰ হ'ব । কুলদীপ যাদৱেও যোৱা কেইবাখনো খেলত উন্নত প্ৰদৰ্শনৰ জৰিয়তে সকলোৰে মন জয় কৰিছে । ভাৰতৰ অধিনায়কৰ অন্যতম বিকল্পও হৈ পৰিছে কুলদীপ ।

চেন্নাইৰ পিটছখনৰো কিছুমান বিশেষত্ব আছে । পিটছখনে স্পিনাৰসকলক সহায় কৰিব বুলি আশা কৰা হৈছে । সেয়েহে, ৰবিচন্দ্ৰন অশ্বিন আৰু কুলদীপ যাদৱৰ স্পিন যুঁটিৰ ওপৰত যথেষ্ট ভৰষা কৰিছে ভাৰতীয় দলটোৱে ।

ভাৰতীয়সকলৰ বাবে সদায়ে অষ্ট্ৰেলিয়াৰ বেটিং লাইন আপ চিন্তাৰ কাৰণ হৈ আহিছে । কিন্তু ষ্টিভ স্মিথে এতিয়ালৈ নিজৰ ফৰ্ম ঘূৰাই আনিব নোৱাৰাটো ভাৰতৰ বাবে আশাৰ ৰেঙনি হৈছে । কিন্তু অন্তিম বিশ্বকাপ খেলি থকা ডেভিদ ৱাৰ্ণাৰৰ ফৰ্মে চিন্তাত পেলাব পাৰে ভাৰতক । যোৱা খেলবোৰত ৱাৰ্ণাৰ আৰু অধিক আক্ৰমণাত্মক হৈ উঠিছে । মাৰ্কাছ ষ্টইনিছো ভাৰতীয় বলাৰ বাবে উদ্বেগৰ কাৰণ হ'ব পাৰে । গ্লেন মেক্সৱেল অষ্ট্ৰেলিয়াৰ অন্যতম আক্ৰমণাত্মক অলৰাউণ্ডাৰ ।

ভাৰতীয় শিবিৰতো ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল আৰু শ্ৰেয়াছ আয়াৰৰ দৰে ৰাণ মেচিন আছে । সেয়েহে আজি চেন্নাইত দুয়োটা দলৰ মাজত এক ৰোমাঞ্চকৰ খেল হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Cricket World Cup 2023 : দেওবাৰে বিশ্বকাপত ভাৰত বনাম অষ্ট্ৰেলিয়া; চেপকৰ পিটচে কিয় কয় ?

Last Updated : Oct 8, 2023, 2:55 PM IST

ABOUT THE AUTHOR

...view details