স্পৰ্টছ ডেস্ক, ২৭ অক্টোবৰ: দক্ষতাৰে ভাৰতীয় ক্ৰিকেট দলত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সক্ষম হোৱা ইৰফান পাঠানৰ আজি জন্মদিন । ক্ৰীড়া জগতৰ তাৰকাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ অজস্ৰ গুণমুগ্ধই ওপজা দিনৰ শুভেচ্ছা জনাইছে খেলুৱৈগৰাকীক ।
ভাৰতীয় ক্ৰিকেটত মাত্ৰ কেইজনমান খেলুৱৈয়েহে কেতবোৰ বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । এইসকল খেলুৱৈৰ মাজত আছে ইৰফান পাঠানো । বৰোদাত জন্মগ্ৰহণ কৰা ইৰফানে বুধবাৰে ৩৮ বছৰত ভৰি থৈছে । টি-২০ বিশ্বকাপৰ ফাইনেলত প্লেয়াৰ অৱ দ্য মেচ লাভ কৰা ভাৰতীয় খেলুৱৈ হৈছে ইৰফান পাঠান ।
টেষ্ট মেচত খেলুৱৈগৰাকীৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি তেওঁক কপিল দেৱৰ পিছতে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ বুলি গণ্য কৰা হয় । যেতিয়া ইৰফান পাঠানে পাকিস্তানৰ বিৰুদ্ধে ১৯ বছৰৰ অনুৰ্ধ্বৰ ক্ৰিকেট খেলিছিল তেতিয়াই তেওঁ সৌৰভ গাংগুলীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ।
গাংগুলী সেই সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক আছিল । তেওঁ দলৰ নিৰ্বাচকসকলৰ সৈতে ইৰফানৰ বিষয়ে কথা পাতিছিল আৰু কেইদিনমানৰ ভিতৰতে পাঠান পাকিস্তানৰ পৰা অষ্ট্ৰেলিয়াত উপস্থিত হৈছিল আৰু ভাৰতীয় ক্ৰিকেট দলৰ সদস্য হোৱাৰ সুযোগ লাভ কৰে । কোৱা বাহুল্য নহ'ব যে, কপিল দেৱে অৱসৰ গ্ৰহণ কৰাৰ পিছত ভাৰতীয় দলত যি অভাৱ হৈছিল, ইৰফান পাঠানৰ প্ৰৱেশে সেই অভাৱ পূৰণ কৰিছিল ।