অসম

assam

ETV Bharat / sports

India vs Australia 3rd ODI : বিশ্বকাপৰ পূৰ্বে নিৰংকুশ শৃংখলা জয়ৰ লক্ষ্য ভাৰতৰ - Indian cricket team

টীম ইণ্ডিয়াই কেংগাৰু দলৰ বিৰুদ্ধে হোৱাইটৱাশ্বৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব । ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দললৈ প্ৰত্যাৱৰ্তনে ভাৰতীয় দল অধিক শক্তিশালী কৰিব । আনহাতে, অষ্ট্ৰেলিয়াই জয়েৰে বিশ্বকাপত প্ৰৱেশৰ কৰিব বিচাৰিব ।

India vs Australia 3rd ODI
India vs Australia 3rd ODI

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 2:06 PM IST

স্পৰ্টছ ডেস্ক, ২৭ ছেপ্টেম্বৰ : ভাৰত-অষ্ট্ৰেলিয়াৰ চলিত এদিনীয়া শংখলাৰ তৃতীয় তথা অন্তিমখন মেচ ৰাজকোটত আৰম্ভ হৈছে । টছত জয়ী হৈ অষ্ট্ৰেলিয়াই প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এছোচিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এই দ্বিপাক্ষিক শৃংখলাৰ অন্তিমখন মেচত দুয়োটা দলেই বিজয়েৰে শৃংখলা সামৰণি মৰাৰ লক্ষ্য ৰাখিব । অৱশ্যে ২-০ ব্যৱধানত ইতিমধ্যে শৃংখলা জয় কৰা ভাৰতৰ বাবে এই মেচখন কেৱল আনুষ্ঠানিকতা ৰক্ষাৰ মেচ যদিও দুয়োটা দলেই মেচখনক অধিক গুৰুত্ব প্ৰদান কৰিব ।

কিয়নো এই মেচখনত জয়েৰে ভাৰতে বিশ্বকাপৰ পূৰ্বে মনোবল অধিক বৃদ্ধিৰ কথা ভাবিব । আনহাতে, অন্তিমখন মেচত বিজয় সাব্যস্ত কৰি আগন্তুক বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াও ফৰ্মলৈ উভতি অহাৰ লক্ষ্য ৰাখিব । তাৰ উপৰি আগন্তুক এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ পূৰ্বে দুয়োটা দলৰ বাবে এইখন অন্তিম প্ৰস্তুতি মেচ । উল্লেখ্য যে অহা ৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব আইচিচি ক্ৰিকেট বিশ্বকাপ ।

সমগ্ৰ শৃংখলাটোত ভাৰতে যথেষ্ট প্ৰভাৱশালী ক্ৰিকেট দক্ষতা প্ৰদৰ্শন কৰিছে । বেটিং আৰু বলিং দুয়োটা দিশতে টীম ইণ্ডিয়াই আধিপত্য প্ৰদৰ্শন কৰিছে । ভাৰতীয় দলৰ বেটিং প্ৰদৰ্শন অতি দুৰ্দান্ত আছিল । ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াহলৈ সক্ষম হৈছে ভাৰতীয় বেটাৰসকলে । আনহাতে, বলাৰসকলেও দক্ষতাৰে বিপক্ষৰ স্ক'ৰিং সুযোগ হ্ৰাস কৰিছে ।

তথাপিও এই ধাৰাবাহিক সফলতাৰ মাজতো অধিনায়ক আৰু প্ৰশিক্ষকে এক জটিল দ্বিধাৰ সন্মুখীন হ'ব লাগিব পাৰে । কিয়নো শ্ৰেয়াছ আয়াৰ আৰু সূৰ্যকুমাৰ যাদৱৰ অসাধাৰণ প্ৰদৰ্শনে দল বাছনিৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । ইফালে হাতত বল লৈ মহম্মদ ছামী আৰু মহম্মদ চিৰাজে কৰা আকৰ্ষণীয় প্ৰদৰ্শনেও দলটোৰ বলিং ভাৰসাম্যৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে ।

ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়াই মেচখনত বিজয় সাব্যস্ত কৰি পুনৰ জয়ৰ মাজলৈ উভতি আহিবলৈ আগ্ৰহী । অৱশ্যে কেৱল ডেভিদ ৱাৰ্ণাৰৰ বাহিৰে কেংগাৰু দলৰ আগশাৰীৰ বেটাৰসকল ধাৰাবাহিক ফৰ্ম প্ৰদৰ্শনত বিফল হৈছে । বাকী বেটিং লাইনআপো বিফল হৈছে । তদুপৰি, অষ্ট্ৰেলিয়াৰ বলিং আক্ৰমণে তেওঁলোকৰ অন্তিম পাঁচখন মেচৰ ভিতৰত চাৰিখনতে তিনি শতাধিক ৰাণ খৰচ কৰিছে । অৱশ্যে পেট কামিন্স, মিচেল ষ্টাৰ্ক আৰু গ্লেন মেক্সৱেলৰ দৰে গুৰুত্বপূৰ্ণ খেলুৱৈৰ প্ৰত্যাৱৰ্তনে অষ্ট্ৰেলিয়াৰ শিবিৰত নতুন আশাৰ সঞ্চাৰ কৰিছে । বিশ্বকাপৰ পূৰ্বে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ বিজয় সুৰক্ষিত কৰাৰ লক্ষ্য ৰাখিব ।

কিন্তু অষ্ট্ৰেলিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ চিন্তা হৈছে ট্ৰেভিছ হেডৰ আঘাত । যাৰ বাবে তেওঁ বিশ্বকাপৰ প্ৰথমাৰ্ধৰ পৰা বঞ্চিত হ'ব বুলি অনুমান কৰা হৈছে । ইয়াৰ ফলত অষ্ট্ৰেলিয়াক তেওঁলোকৰ আৰম্ভণিৰ সংমিশ্ৰণ ৰণনীতি পুনৰ বিবেচনা কৰিবলৈ বাধ্য কৰিব ।

উল্লেখ্য যে ৰোহিত শৰ্মাৰ এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক আকৰ্ষণীয় অভিলেখ আছে । তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫৯.২৩ আশ্চৰ্যজনক গড়েৰে ২২৫১ ৰাণ সংগ্ৰহ কৰিছে । ইয়াত আছে আঠটা অৰ্ধ-শতক আৰু আঠটা শতক । যাৰ ফলত তেওঁ অষ্ট্ৰেলিয়াৰ বলাৰসকলৰ বাবে মূৰৰ কামোৰণি হ'ব পাৰে ।

যিহেতু ভাৰতে ক্লিন চুইপ নিশ্চিত কৰাৰ লক্ষ্যৰে মেচখনত অৱতীৰ্ণ হৈছে আৰু অষ্ট্ৰেলিয়াই বিশ্বকাপৰ পূৰ্বে হেৰুওৱা ছন্দলৈ পুনৰ উভতি আহিব বিচাৰিছে, সেয়ে ৰাজকোটৰ তৃতীয় এদিনীয়াখন দুই ক্ৰিকেট কিংম্বদন্তিৰ মাজত এক আকৰ্ষণীয় যুঁজ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । এই মেচখনৰ ফলাফলে দুয়োটা দলৰ আত্মবিশ্বাস আৰু ৰণনীতিৰ ওপৰতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে ।

লগতে পঢ়ক :ICC Cricket WC 2023: ২৯ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ ৱাৰ্ম আপ মেচ

ABOUT THE AUTHOR

...view details