অসম

assam

ETV Bharat / sports

চিডনীত ভাৰতীয় ক্ৰিকেট দলৰ অনুশীলন আৰম্ভ - ভাৰতীয় ক্ৰিকেট দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণ

শনিবাৰৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলে চিডনীৰ অলিম্পিক পাৰ্কৰ অন্তৰ্গত ব্লেকটাউন ইন্টাৰনেশ্যনেল স্পৰ্টছ পাৰ্কত অনুশীলনত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, এই অনুশীলনৰ ছবি টুইটাৰযোগে শ্বেয়াৰ কৰে বিচিচিআইয়ে ৷

Touring Indians clear COVID-19 test, begin physical training
চিডনীত ভাৰতীয় ক্ৰিকেট দলৰ অনুশীলন আৰম্ভ

By

Published : Nov 14, 2020, 7:40 PM IST

স্পৰ্টছ ডেস্ক, 14 নৱেম্বৰঃ অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে চিডনীত উপস্থিত হোৱা ভাৰতীয় ক্ৰিকেট দলে ক’ভিড 19 ৰ সম্পূৰ্ণ পৰীক্ষা সম্পন্ন কৰাৰ পিছত শনিবাৰৰ পৰা অনুশীলন আৰম্ভ কৰিছে ৷ হাৰ্ডিক পাণ্ডিয়া, পৃথ্বী শ্ব', মহম্মদ চিৰাজকে ধৰি কেইবাগৰাকীয়ো খেলুৱৈয়ে শেহতীয়াকৈ ছৌদি আৰৱত অনুষ্ঠিত আইপিএলত অংশগ্ৰহণ কৰিছিল ৷

শনিবাৰৰ পৰা খেলুৱৈসকলে চিডনীৰ অলিম্পিক পাৰ্কৰ অন্তৰ্গত ব্লেকটাউন ইন্টাৰনেশ্যনেল স্পৰ্টছ পাৰ্কত অনুশীলনত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, এই অনুশীলনৰ ছবি টুইটাৰযোগে শ্বেয়াৰ কৰে বিচিচিআইয়ে ৷

বিচিচিআইয়ে শ্বেয়াৰ কৰা ছবিখনত স্পীনাৰ কুলদ্বীপ যাদৱ, উমেশ যাদৱ, ৰবীন্দ্ৰ জাদেজা, শ্বাৰদুল ঠাকুৰ, ছেতেশ্বৰ পুজাৰা, টি নটৰাজন আৰু দীপক ছাহাৰক অনুশীলন কৰি থকা দেখিবলৈ পোৱা যায় ৷ প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় দলটোৱে সম্প্ৰতি 14 দিনৰ কোৱাৰেন্টাইন সম্পূৰ্ণ কৰি প্ৰাথমিক ক’ভিড 19ৰ পৰীক্ষা সম্পন্ন কৰে ৷ আনহাতে, লেগ স্পীনাৰ য়ুজবেন্দ্ৰ চাহালেও টুইটাৰযোগে সহযোগী কুলদ্বীপৰ সৈতে নিজৰ এক ছবি শ্বেয়াৰ কৰে ৷ আগন্তুক 27 নৱেম্বৰৰ পৰা ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন এদিনীয়া, তিনিখন টি 20 আৰু চাৰিখনকৈ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক-দেশবাসীক দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন বিৰাট কোহলীৰ

ABOUT THE AUTHOR

...view details