স্পৰ্টছ ডেস্ক, ৭ অক্টোবৰ :আইচিচি পুৰুষ এদিনীয়া বিশ্বকাপ ২০২৩ যাত্ৰাৰ প্ৰথম মেচত দেওবাৰে আয়োজক ভাৰত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখী হ'ব । চেন্নাইৰ চেপক ষ্টেডিয়ামত টীম ইন ব্লু কেংগাৰু বাহিনীৰ সৈতে সমুখ সমৰত লিপ্ত হ'ব । চেপকৰ পিটচ ৰং আৰু চৰিত্ৰত সঁচাকৈয়ে অভূতপূৰ্ব । মুগা আৰু ক'লা বোকাৰ মিশ্ৰণেৰে তৈয়াৰ কৰা পিটচৰ ওপৰত দেওবাৰে খেলিবলৈ দুয়োটা দল সাজু হৈছে । অৱশ্যে বিগত দুদিন ধৰি এই পিটচ আৱৰি ৰখা হৈছে । ইয়াৰ কাৰণ ? অতিমাত্ৰা গৰমৰ পৰা পিটচখন চম্ভালিবলৈ এইটো কৰা হৈছে । কিউৰেটৰসকলৰ আশংকা যে সমগ্ৰ দিনটো ২৯-৩০ ডিগ্ৰী শুষ্ক তাপত ২২ গজ ফাটি যাব পাৰে আৰু তেতিয়া এক দুৰ্যোগ হ'ব পাৰে ।
বৰ্তমান পিটছত পাতল ৰোলাৰ ব্যহাৰ কৰি থকা হৈছে । আনহাতে, শুকুৰবাৰে সন্ধিয়া ভাৰতীয় দলটোৱে প্ৰশিক্ষণ ল'বলৈ অহাৰ সময়ত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বাবে ক'ভাৰবোৰ মুকলি কৰি দিয়া হৈছিল । সাধাৰণতে ইয়াত কিউৰেটৰসকলে পিটচখন খোলা ৰাখিব বিচাৰে আৰু বতৰৰ পৰিস্থিতিৰ সৈতে আকাৰ দিব বিচাৰে । কিন্তু এইবাৰ সেইটো কৰা হোৱা নাই । ঘাঁহবোৰ সুন্দৰকৈ কটা হৈছে আৰু কঠিন মুগা-ক'লা টপটো প্ৰথম ইনিংছত ৰাণৰ দৌৰৰ বাবে সাজু দেখা গৈছে ।
অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে কোৱাৰ দৰে, "ইয়াত সন্ধিয়াৰ পিছৰ পৰা বল ঘূৰিবলৈ আৰম্ভ কৰিব ।" সেয়েহে তেনেক্ষেত্ৰত ২৭০-২৮০ স্ক'ৰ ইয়াত প্ৰতিযোগিতামূলক স্ক'ৰ হ'ব । আনহাতে, নিশ্চিতভাৱে এয়া ভাৰতীয় স্পিনাৰৰ বাবে যাদুকৰী হ'ব । ইতিহাসলৈ চালে অনিল কুম্বলেয়ে ইয়াত ৪৮ টা উইকেট লৈ সৰ্বাধিক উইকেট দখলকাৰী হৈ আছে আৰু ৪২ টা উইকেটেৰে তেওঁৰ পিছতে আছে হৰভজন সিং ।