অসম

assam

ETV Bharat / sports

World Cup 2023 : পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানৰ বৃহৎ জয়, বিজয় উদযাপনত পাঠানেও কৰিলে সহযোগ

চলিত বিশ্বকাপত আফগানিস্তানৰ গুৰুত্বপূৰ্ণ জয় । খেলপথাৰত খেলুৱৈৰ বিজয় উদযাপন । ৰাছিদ খানৰ সৈতে নাচিলে ইৰফান পাঠানেও ।

World Cup 2023
পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানৰ বৃহৎ জয়

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 11:45 AM IST

স্পৰ্টছ ডেস্ক,২৪ অক্টোবৰ :চলিত বিশ্বকাপত আফগানিস্তানে সকলো ক্ৰিকেটপ্ৰেমীকে আচৰিত কৰি তুলিছে । প্ৰথমে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰি বিশ্ব ক্ৰিকেটত খলকনিৰ সৃষ্টি কৰিছিল আফগানিস্তানে । এইবাৰ পাকিস্তানক ৮ উইকেটৰ ব্যৱধানত পৰাস্ত কৰি আন এক অভিলেখ সৃষ্টি কৰিছে । সোমবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত লীগ পৰ্যায়ৰ খেলখনত আফগানিস্তানে পাকিস্তানক পৰাস্ত কৰে ।

৫০ অভাৰৰ ফৰ্মেটত পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানৰ এয়া প্ৰথম বিজয় । এই বিজয়ৰ পাছতে আফগানিস্তানৰ খেলুৱৈসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । খেলপথাৰত খেলুৱৈসকলে নাচি নাচি বিজয় উদযাপন কৰে । ইফালে আফগানিস্তানৰ স্পিনাৰ ৰাছিদ খানক বিজয় উদযাপনত সহযোগ কৰে ভাৰতৰ প্ৰাক্তন খেলুৱৈ ইৰফান পাঠানে । ৰাছিদ খানৰ সৈতে খেলপথাৰত নাচিলে পাঠানেও ।

ইতিমধ্যে চলিত বিশ্বকাপ ২০২৩ত আগফানিস্তানে দুখনকৈ গুৰুত্বপূৰ্ণ খেলত জয়ী হৈছে । যাৰ দ্বাৰা তেওঁলোকে প্ৰমাণ কৰিছে যে আফগানিস্তানক কোনো কাৰণতে সহজভাৱে ল'ব নোৱাৰি ।

বিজয়ৰ পাছতে খেলপথাৰত আফগানিস্তানৰ খেলুৱৈ ৰাছিদ খানে কমেণ্ট্ৰি কৰি থকা পাঠানক আলিঙ্গন কৰে আৰু বিজয় উদযাপন কৰে । ইৰফান পাঠানে ইনষ্টাগ্ৰামত ভিডিঅ'টো পোষ্ট কৰিছে আৰু লিখিছে যে তেওঁ ৰাছিদ খানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল ।

পাকিস্তানৰ বিৰুদ্ধে খেলখনত গুৰবাজ আৰু ইব্ৰাহিম জাদৰানৰ অপেনিং যুটিয়ে আফগানিস্তানক জয়ৰ দিশে লৈ গৈছিল । তাৰ পাছতে ৰহমত শ্বাহৰ ৭৭ ৰাণৰ বিজয়ী ইনিংছে দলটোক বিজয়ৰ মুখ দেখুৱাইছিল । খেলখনত পাকিস্তানৰ বলাৰসকলে আফগান বেটছমেনসকলক কোনো ধৰণৰ চাপ সৃষ্টি কৰিব পৰা নাছিল । যাৰ বাবে এক অভাৰ বাকী থকা সময়তে আফগানিস্তানে ৮ উইকেটত জয় লাভ কৰে । এই জয়ে আফগানিস্তানক পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত কৰিলে । ইফালে, পাকিস্তানে ৪ পইণ্টৰ সৈতে পঞ্চম স্থানত আছে । আফগানিস্তানে অহা ৩০ অক্টোবৰত পুনেত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব ।

লগতে পঢ়ক :World Cup 2023: কোনো অন্তঃকন্দল নাই পাক ক্ৰিকেট দলত; পিচিবিৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

...view details