স্পৰ্টছ ডেস্ক,14 অক্টোবৰ: এদিনীয়া বিশ্বকাপ-2023 ক্ৰিকেটত তৃতীয়খন মেচতো জয় ৰোহিত বাহিনীৰ ৷ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াত অনুষ্ঠিত ভাৰত-পাকৰ হাইভল্টেজ মেচত 7 উইকেটত পাকিস্তানক পৰাস্ত কৰি ৰোহিত বাহিনীয়ে বিশ্বকাপ জয়ৰ বাবে অধিক আত্মবিশ্বাসী হৈ উঠিছে ৷
আজিৰ মোচত ৰোহিতৰ দৰ্শনীয় বেটিঙে দৰ্শকক মোহিলে ৷ ৰোহিত শৰ্মাৰ বেটিং বিক্ৰমত তচনছ হ’ল পাকিস্তানৰ বলাৰ ৷ প্ৰায় 1 লাখ 32 হাজাৰ দৰ্শকেৰে পৰিপূৰ্ণ ষ্টেডিয়ামত গুঞ্জৰিত হ’ল ইণ্ডিয়া ইণ্ডিয়া ধ্বনি ৷ ইতিমধ্যে আজিৰ মেচখন বিশ্বকাপ ক্ৰিকেট-2023ৰ আটাইতকৈ আকৰ্ষিত মেচ আছিল বুলি ক’ব পাৰি ৷ কিয়নো ভাৰত-পাকিস্তানৰ মেচ মানে কোনেও পৰাজয়ৰ স্বীকাৰ কৰিব নোখোজা মৰপণৰ যুঁজ, আত্মসন্মানৰ যুঁজ ৷
মেচখনৰ আৰম্ভনিৰ পৰাই ভাৰতীয় খেলুৱৈৰ সুন্দৰ প্ৰদৰ্শনত মন্ত্ৰমুগ্ধ হৈছিল ক্ৰিকেটপ্ৰেমী ৷ অধিনায়ক ৰোহিত শৰ্মাৰ ছিক্স আৰু ফ’ৰে অধিক উত্তেজনা পূৰ্ণ কৰি তোলিছিল ভাৰতীয় দৰ্শকক ৷ শুভমানে গিল আৰু অধিনায়ক শৰ্মাৰ বিস্ফোৰক বেটিঙৰ সন্মুখত তিষ্ঠি থাকিব পৰা নাছিল পাক বলাৰ ৷
আজিৰ মেচখনত প্ৰথমে বেট ধৰি পাকিস্তানে আটাইকেইটা উইকেট হেৰুৱাই ভাৰতক জয়ৰ বাবে মাত্ৰত 192 ৰাণৰ লক্ষ্য বান্ধি দিছিল ৷ প্ৰত্যুত্তৰত ভাৰতে 30.3 বলতে পাকিস্তানে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যত উপনিত হয় ৷ কিন্তু দৰ্শনীয় বেটিঙেৰে দৰ্শকৰ লগতে অনুৰাগীক মন মোহিত কৰি পেলোৱা ৰোহতৰ বাবে আজি আছিল কিছু বেদনাদায়ক ৷ কাৰণ পুনৰ শতকৰ পৰা বঞ্চিত হ’ল ৰোহিত ৷ শতকলৈ মাত্ৰ 14 থকা অৱস্থাতে আফ্ৰিদীৰ বলত আউট হয় ৷ অনুৰাগীয়ে হয়তো ৰোহিত শৰ্মাই শত অৰ্জন কৰিব বুলি আশা কৰিছিল ৷