অসম

assam

ETV Bharat / sports

Cricket World Cup 2023 : আজি বিশ্বকাপত ভাৰত পাকিস্তানৰ মহাৰণ; মেচৰ পূৰ্বে বিশেষ অনুষ্ঠান - cricket World Cup 2023 India

ভাৰত আৰু পাকিস্তানৰ মেচ মানেই অনুৰাগীৰ আবেগ সপ্তম আকাশত । তেনে ক্ষেত্ৰত কোনো বিশেষ অনুষ্ঠান নাথাকিব, সেইটো হ'বই নোৱাৰে । তাৰ বাবেই এইবাৰ বিচিচিআয়ে গ্ৰহণ কৰিছে এক বিশেষ উদ্যোগ । ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া এই হাই-প্ৰফাইল মেচখনৰ পূৰ্বে বহু তাৰকা শিল্পীয়ে ষ্টেডিয়ামত নিজৰ অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে ।

আজি বিশ্বকাপত ভাৰত পাকিস্তানৰ মহাৰণ
Cricket World Cup 2023

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 11:08 AM IST

স্পৰ্টছ ডেস্ক, ১৪ অক্টোবৰ :শনিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব চলিত ক্ৰিকেট বিশ্বকাপৰ ভাৰত আৰু পাকিস্তানৰ মাজত বহু প্ৰতীক্ষিত লীগ মেচ । এক লাখতকৈও অধিক দৰ্শকৰ ক্ষমতা বিশিষ্ট এই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা ভাৰত-পাক মহাৰণৰ টিকট ইতিমধ্যেই বুকিং হৈ গৈছে ।

আনহাতে, মেচখন উপভোগৰ বাবে পুৱাৰে পৰা দৰ্শকৰ ভিৰ হৈছে । ভাৰত-পাক ক্ৰিকেট মেচ বুলিলেই এক সুকীয়া আবেগে বিৰাজ কৰে অনুৰাগীসকলৰ মাজত । তাৰেই প্ৰতিফলল ঘটাই ভাৰত আৰু পাকিস্তানৰ অনুৰাগীসকল এই মেখনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে । অৱশ্যে মেচখনৰ ফলাফলৰ পিছত কোনোবা সুখী হ'ব বা আন কোনোবা দুখী হ'ব । কিন্তু মেচখন ৰোমাঞ্চকৰ কৰি তুলিবৰ বাবে বিচিচিআয়ে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে ।

এই ৰোমাঞ্চকৰ মেচখনৰ পূৰ্বে শনিবাৰে দুপৰীয়া ১২.৩০ বজাত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব । এই অনুষ্ঠানত কেইবাটাও আকৰ্ষণীয় অনুষ্ঠান ৰূপায়িত হ'ব । এই অনুষ্ঠানত অৰিজিত সিঙে তেওঁৰ যাদুকৰী কণ্ঠেৰে দৰ্শকক আমোদ যোগাব । দৰ্শকৰ মনোৰঞ্জনৰ বাবে অৰিজিত সিঙে দুপৰীয়া ১২.৩০ বজাৰ পৰা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত পোনপটীয়া অনুষ্ঠান পৰিবেশন কৰিব । তেওঁৰ লগতে শংকৰ মহাদেৱনেও মঞ্চত উপস্থিত থাকিব আৰু তেওঁৰ কণ্ঠেৰে দৰ্শকসকলক আকৰ্ষিত কৰিব ।

আনহাতে, অভিনেতা ৰণবীৰ সিং আৰু তামান্না ভাটিয়ায়ো এই বিশেষ অনুষ্ঠানটোত তেওঁলোকৰ অভিনয়েৰে দৰ্শকক আকৰ্ষিত কৰিব । লগতে নেহা কাক্কৰেও অনুষ্ঠানটোত তেওঁৰ কণ্ঠৰ যাদু প্ৰদৰ্শন কৰিব । ইয়াৰ উপৰি বহুকেইগৰাকী ডাঙৰ ডাঙৰ চেলিব্ৰিটি ষ্টেডিয়ামত উপস্থিত থাকিব বুলি আশা কৰা হৈছে । ইফালে অনুষ্কা শৰ্মাও এই হাই-প্ৰফাইল মেচখনৰ বাবে আহমেদাবাদত উপস্থিত হৈছে ।

উল্লেখ্য যে ভাৰত বনাম পাকিস্তানৰ মেচখন দুপৰীয়া ২ বজাত আৰম্ভ হ'ব । তাৰ পূৰ্বে ১২.৩০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ এঘণ্টীয়া ৰঙীন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।

লগতে পঢ়ক :Cricket World Cup: পাকিস্তানৰ বিৰুদ্ধে ৰোহিতৰ সৈতে অপেনিং কৰিবলৈ অহাৰ পূৰ্ণ সম্ভাৱনা শুভমান গিলৰ

ABOUT THE AUTHOR

...view details