অসম

assam

ETV Bharat / sports

ICC Suspends Kyle Phillip : ভুল বলিং একচন; আইচিচিয়ে নিষিদ্ধ কৰিলে আমেৰিকান বলাৰ কাইল ফিলিপক - ICC one day world cup cricket 2023

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেগী বলাৰ কাইল ফিলিপক নিষিদ্ধ কৰা হৈছে । ১৮ জুনত হাৰাৰেত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভুল একচনেৰে বলিং কৰাৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

ICC Suspends Kyle Phillip
ICC Suspends Kyle Phillip

By

Published : Jun 23, 2023, 2:06 PM IST

স্পৰ্টছ ডেস্ক, ২৩ জুন :বৰ্তমান চলি আছে আগন্তুক আইচিচি এদিনীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন পৰ্যায়ৰ প্ৰতিযোগিতা । চলিত আইচিচি বিশ্বকাপৰ এই কোৱালিফায়াৰ মেচৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰিকেটৰ বাবে এক মোক্ষম আঘাত । আমেৰিকাৰ ফাষ্ট বলাৰ কাইল ফিলিপক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বলিং কৰাৰ পৰা নিলম্বিত কৰা হৈছে । আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে তেওঁৰ বলিং একচনক সন্দেহজনক বুলি এক বিবৃতি জাৰি কৰিছে ।

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে জাৰি কৰা বিবৃতি অনুসৰি, ১৮ জুন দেওবাৰে হাৰাৰেত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা এখন মেচৰ সময়ত বেগা বলাৰ কাইল ফিলিপক 'অবৈধ' বলিং একচন ব্যৱহাৰ কৰা দেখা যায় । যাৰ বাবে তেওঁক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বলিং কৰাৰ পৰা নিলম্বিত কৰা হৈছে ।

উল্লেখ্য, ফিলিপে কেৰিবিয়ান দলটোৰ বিৰুদ্ধে কোৱালিফায়াৰ মেচখনত সুন্দৰ প্ৰদৰ্শন কৰিছিল আৰু ৫৬ ৰাণত ৩ টা উইকেট দখল কৰিছিল । অৱশ্যে, মেচখনৰ সৈতে জড়িত বিষয়াসকলে ৩৯ ৰাণত পৰাজয়ৰ পিছত তেওঁৰ বলিং একচনৰ প্ৰতিবেদন পৰ্যালোচনা কৰাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে । আইচিচিৰ ইভেণ্ট পেনেলে বেগী বলাৰজনে অবৈধ বলিং একচন ব্যৱহাৰ কৰাৰ অভিযোগ সঁচা বুলি নিৰ্ধাৰণ কৰিছে ।

ইভেণ্ট পেনেলে ফিলিপৰ বলিং একচনৰ মেচ ফুটেজ পৰ্যালোচনা কৰি সিদ্ধান্ত লয় যে মেচখনত তেওঁ এক অবৈধ বলিং একচন ব্যৱহাৰ কৰিছিল । যিটো মেচৰ নিয়মৰ অনুচ্ছেদ ৬.৭ অনুসৰি ভুল । সেইবাবেই তেওঁক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বলিং কৰাৰ পৰা নিলম্বিত কৰা হয় ।

উল্লেখ্য, ক্ৰিকেট বলিঙৰ নিয়মৰ অনুচ্ছেদ ৬.৭ অনুসৰি, ফিলিপক আন্তৰ্জাতিক ক্ৰিকেটত বলিং কৰাৰ পৰা তৎক্ষণাৎ নিষিদ্ধ কৰা হৈছে আৰু তেওঁৰ বলিং একচনৰ পুনৰ পৰীক্ষাৰ বাবে উপস্থিত নোহোৱালৈকে এই নিষেধাজ্ঞা অব্যাহত থাকিব । ইয়াৰ পিছত তেওঁৰ বলিং একচন পুনৰ পৰীক্ষা কৰি এই একচন বৈধ হয়নে নহয় তাৰ ওপৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক :ICC ODI World Cup 2023 Schedule : শীঘ্ৰে ঘোষণা হ'ব এদিনীয়া বিশ্বকাপৰ সময়সূচী

ABOUT THE AUTHOR

...view details