স্প’ৰ্টছ ডেস্ক, ৫ জুলাই: ধাৰাসাৰ বৰষুণৰ বাবে বাতিল হ'ল ইংলেণ্ড আৰু শ্ৰীলংকাৰ চলিত এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল । ইংলেণ্ডে ইতিমধ্যে দুখন খেলত জয় লাভ কৰিছে । কিন্তু বৰষুণৰ বাবে তৃতীয় তথা চূড়ান্ত খেলখন বাতিল হোৱাৰ বাবে শৃংখলাৰ বিজয়ী খিতাপৰ বাবে অপেক্ষা কৰিবলগীয়া হয় ৷
আইচিচিয়ে টুইটযোগে খেল বাতিল হোৱাৰ কথা প্ৰকাশ কৰিছে । আৰম্ভণিতে টছত জয়ী হোৱাৰ পিছত ইংলেণ্ডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । খেলৰ প্ৰথমাৱস্থাত শ্ৰীলংকাই হতাশাজনক প্ৰদৰ্শন আগবঢ়ায় ৷
৪২ অভাৰত মাত্ৰ ১৬৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় দলটো ।
ইংলেণ্ডৰ টম কুৰেণে ৩৫ ৰাণৰ বিনিময়ত ৪ টা উইকেট দখল কৰে । ক্ৰিছ ৱাক্সে ২ টা উইকেট আৰু ডেভিড ৱিল্লীয়ে ২ টা উইকেট দখল কৰিবলৈ সক্ষম হয় । দাচুন শানকাৰ বাহিৰে শ্ৰীলংকাৰ কোনো বেটছমেনে ইংলেণ্ডৰ বলাৰসকলৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা নাছিল । ২৯ বছৰীয়া অলৰাউণ্ডাৰ দাচুন শনাকাৰে ৬৫টা বলত ৪৮ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় ।
তৃতীয় অভাৰত অধিনায়ক কুশল পেৰেৰা আউট হয় । মাত্ৰ ৬৩ ৰাণত ১৫ অভাৰৰ ভিতৰত শ্ৰীলংকাৰ আধাখিনি বেটছমেন আউট হৈছিল । অৱশেষত ১৬৬ ৰাণতে সন্তুষ্ট হ'বলগীয়া হয় দলটো । উল্লেখ্য যে, টি-২০ ৰ প্ৰতিখন খেলতে ইংলেণ্ডে শ্ৰীলংকাক পৰাস্ত কৰিছিল আৰু এদিনীয়া শৃংখলাতো একে দশা হৈছে শ্ৰীলংকাৰ ।
লগতে পঢ়ক: ১৭ জুলাইত টকিঅ' অভিমুখে ৰাওনা হ'ব ভাৰতৰ প্ৰথমটো খেলুৱৈৰ দল