স্প’ৰ্টছ ডেস্ক, 24 অক্টোবৰ: মঙলবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হয় বাংলাদেশ আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এদিনীয়া ক্ৰিকেট বিশ্বকাপ 2023 ৰ 23 সংখ্যক খেলখন ৷ বাংলাদেশৰ বিৰুদ্ধে 149 ৰাণৰ বিশাল ব্যৱধানত জয়লাভ দক্ষিণ আফ্ৰিকাৰ ৷ প্ৰথমে বেটিং কৰি প্ৰ’টিয়াৰ্ছ বাহিনীয়ে 383 ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দিয়ে বাংলাদেশক ৷ প্ৰত্যুত্তৰত 46.4 অভাৰত 233 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই বাংলাদেশে ৷
মহম্মদুল্লাহৰ বাহিৰে কোনো এজন বাংলাদেশৰ খেলুৱৈয়েই ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে খেলখনত ৷ আনকি অধিনায়ক চাকিব আল হাছানো ব্যৰ্থ হয় ৰাণ কৰাত ৷ মহম্মদুল্লাহে ষষ্ঠ স্থানত বেটিং কৰিবলৈ আহি 111 টা বলত 111 ৰাণ কৰি যুঁজ দিয়ে ৷ কিন্তু বাকী সকল খেলুৱৈৰ নিস্প্ৰভ প্ৰদৰ্শনৰ বাবে পৰাজয়ৰ সন্মুখীন হয় বাংলাদেশ ৷ দাঃ আফ্ৰিকাৰ হৈ কোৱেঝীয়ে 3 টা, জনছেন, লিঝাৰ্ড, ৰাবাডাই 2 টা আৰু কেশৱ মহাৰাজে 1 টা উইকেট দখল কৰে ৷ কুইন্টন ডি কক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা ৷