অসম

assam

ETV Bharat / sports

বিৰাট কোহলীক জৰিমনা : 25 শতাংশ মেচ ফী কৰ্তন

আম্পায়াৰৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবে 25 শতাংশ মেচ ফী কৰ্তন কৰা হয় ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ ৷

By

Published : Jun 23, 2019, 5:11 PM IST

Updated : Jun 23, 2019, 6:55 PM IST

বিৰাট কোহলীক জৰিমনা

নিউজ ডেস্ক, 23 জুন : বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচত আম্পায়াৰৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবে ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ 25 শতাংশ মেচ ফী কৰ্তন কৰা হয় ৷ আইচিচিৰ নিয়মাৱলী অনুসৰি কোহলীয়ে আইচিচিৰ আচৰণ বিধি 2.1 ভংগ কৰাৰ অপৰাধত এই শাস্তি বিহা হয় ৷

বিৰাট কোহলীক জৰিমনা

উল্লেখ্য যে, 30 বছৰীয়া ভাৰতীয় অধিনায়ক গৰাকীয়ে আফগানিস্তানৰ 29 সংখ্যক অ'ভাৰত আম্পায়াৰ আলিম ডাৰক এল বি ডব্লিউ আপীল কৰিছিল আৰু আম্পায়াৰে আউট ঘোষণা নকৰাত তৰ্কত লিপ্ত হয় ৷ ইয়াৰ পাছতে কোহলীয়ে নিজৰ ভুল স্বীকাৰ কৰাৰ বাবে কোনো আনুষ্ঠানিক শুনানি নহয় বুলি জানিব পৰা গৈছে ৷ আলিম ডাৰ, ৰিচাৰ্ড ইলিংটনৰ লগতে থাৰ্ড আম্পায়াৰ ৰিচাৰ্ড কেটেলব'ৰ' আৰু মাইকেল গগে এই জৰিমনা বিহে খেলুৱৈ গৰাকীক ৷

Last Updated : Jun 23, 2019, 6:55 PM IST

ABOUT THE AUTHOR

...view details