আঘাতপ্ৰাপ্ত শিখৰ ধাৱান : কোন হ'ব নতুন অ'পেনিং যুটি? - 3 সপ্তাহৰ বাবে বাহিৰ
দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ অ'পেনাৰ শিখৰ ধাৱানে বুঢ়া আঙুলিত আঘাত পোৱাৰ পাছতে 3 সপ্তাহৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হ'বলগা হৈছে ৷ আগন্তুক 5 খনকৈ মেচত দলৰ পৰা বাহিৰত থাকিব খেলুৱৈ গৰাকী ৷
স্পৰ্টছ ডেস্ক, 11 জুন: বিশ্বকাপ ক্ৰিকেট, 2019 ৰ পৰা 3 সপ্তাহৰ বাবে বাহিৰ হ'ল ভাৰতৰ বিস্ফোৰক বেটছমেন তথা অ'পেনাৰ শিখৰ ধাৱান ৷ দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ভাৰতীয় খেলুৱৈগৰাকীয়ে বাঁওহাতৰ বুঢ়া আঙুলিত আঘাত পাইছিল ৷ ইয়াৰ পাছতে সোমবাৰে স্কেনৰ জৰিয়তে চিকিৎসকে 3 সপ্তাহৰ বাবে আৰাম প্ৰদান কৰে ধাৱানক ৷
নিউজিলেণ্ড, পাকিস্তান, আফগানিস্তান, ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব লগা আগন্তুক 5 খনকৈ মেচৰ পৰা বাহিৰত থাকিব ভাৰতীয় অ'পেনাৰ গৰাকী ৷ উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচখনত ধাৱানে 117 ৰাণৰ এক সুন্দৰ ইনিংছ উপহাৰ দিয়াৰ লগতে দলৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল ৷