স্পৰ্টছ ডেস্ক, ৫ জুনঃবিশ্বকাপত আজি ইংলেণ্ডৰ চাউথাম্পটনত চলি আছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত ক্ৰিকেটৰ মহাৰণ । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শন । হাই ভল্টেজ খেলখনত বৰ্তমানলৈকে চাহালৰ নামত চাৰিটা, বোমৰাহৰ নামত দুটা আৰু কুলদ্বীপ যাদৱৰ নামত এটাকৈ সফলতা । ভাৰতৰ হৈ প্ৰথম দুটা সফলতা লাভ কৰে বেগী বলাৰ জছপ্ৰীত বোমৰাই । বোমৰাহই হাছিম আমলা (6) আৰু কুইণ্টন ডি কক (10) ৰানত আউট কৰিবলৈ সক্ষম হয় ।
চাহালৰ চতুৰ্থটো সফলতা, দঃআফ্ৰিকাৰ ৮ উইকেটৰ পতন - SOUH AFRICA
বিশ্বকাপৰ প্ৰথমখন মেচতেই উজলিছে ভাৰতীয় বলিং । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চাহাল, বুমৰাহৰ চমক ।
আনহাতে যুজৱেন্দ্ৰ চাহালৰ জালত পৰে অধিনায়ক ফেব ডু প্লেছি (৩৮) আৰু ৰাছি ভান ডেৰ ডাছছেন (২২), বিস্ফোৰক বেটছমেন ডেভিদ মিলাৰ আৰু এণ্ডিলে ফেহল্যুকেৱেও । ফেব ডু প্লেছি আৰু ৰাছি ভান ডেৰ ডাছছেনক চাহালে বল্ড আউট কৰাৰ বিপৰীতে মিলাৰক ৩১ ৰানৰ ব্যক্তিগত স্কৰত কট এণ্ড বল কৰে চাহালে । আনহাতে চাহালৰ বলিঙত ধোনীৰ হাতত ৩৪ ৰানত ষ্টাম্পিং হয় ফেহল্যুকেৱেয়ো । কুৱদ্বীপ যাদৱ আৰু ভূৱনেশ্বৰ কুমাৰে লাভ কৰে এটাকৈ উইকেট । দক্ষিণ আফ্ৰিকাৰ ২০১৯ বিশ্বকাপত এইটো তৃতীয়খন মেচ আনহাতে ভাৰতৰ বিশ্বকাপত নিজৰ প্ৰথমখন মেচ ।