নিউজ ডেস্ক, ৩১ মে': আবু ধাবিত অনুষ্ঠিত এক টি - ২০ টুৰ্ণামেন্টত অংশগ্ৰহণ কৰি বিপদত পৰিছে উত্তৰ প্ৰদেশৰ বেটছমেন ৰিংকু সিং । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ বিনা অনুমতিত এই টুৰ্ণামেন্টত খেলাৰ বাবে ৩ মাহৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে খেলুৱৈ গৰাকীক ।
ৰিংকু সিঙলৈ ৩ মাহৰ নিষেধাজ্ঞা - ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড
এইবাৰ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছে উত্তৰ প্ৰদেশৰ বেটছমেন ৰিংকু সিং । বিচিচিআইৰ বিনা অনুমতিত বিদেশৰ এক টুৰ্ণামেন্টত অংশগ্ৰহণ কৰাৰ বাবে এই নিষেধাজ্ঞাৰ সন্মুখীন হৈছে খেলুৱৈ গৰাকী ।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড
উল্লেখ্য যে, ক্ৰিকেট ব'ৰ্ডৰ নিয়ম অনুসৰি ভাৰতীয় খেলুৱৈয়ে বিদেশত অনুষ্ঠিত কোনো টুৰ্ণামেন্টত অংশগ্ৰহণৰ পূৰ্বে ব'ৰ্ডৰ অনুমতি ল'ব লাগে । ৰিংকুয়ে এই নিয়ম উলংঘা কৰাৰ বাবে জুনৰ ১ তাৰিখৰ পৰা নিষেধাজ্ঞাৰ সন্মুখীন হ'ব ।
আৰু পঢ়ক : ধোনীয়ে চম্ভালিলে বাংলাদেশ দলৰ দায়িত্ব : হতচকিত অনুৰাগী