স্পৰ্টছ ডেস্ক, 20 মে': ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ সকলৰ ভিতৰত অন্যতম যুৱৰাজ সিঙে অৱসৰ ঘোষণা কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ এক সূত্ৰই ৷ দেওবাৰে এই সূত্ৰটোৱে জনোৱা অনুসৰি, বিস্ফোৰক বেটছমেন গৰাকীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ লগতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ চিন্তা - চৰ্চা চলাইছে ৷ ইয়াৰোপৰি অৱসৰৰ পাছতে জিটি 20 (কানাডা), ইউৰো টি 20 আয়াৰলেণ্ড আৰু হলেণ্ডত খেলাৰ সম্পৰ্কেও বিচিচিআইৰ সৈতে আলোচনাত বহিব যুৱৰাজে ৷
আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'ব যুৱৰাজে ! - MUMBAI INDIANS TEAM
দেওবাৰে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ এক সূত্ৰই যুৱৰাজ সিঙৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ সম্পৰ্কে মত প্ৰকাশ কৰিছে ৷ এই অৱসৰ গ্ৰহণৰ পাছতে বিদেশীত অনুষ্ঠিত হ’ব লগা ক্ৰিকেট লীগত যোগদান কৰাৰ সম্ভাৱনা আছে বিস্ফোৰক বেটছমেন গৰাকীয়ে ৷
যুৱৰাজ সিং
উল্লেখ্য যে, 37 বছৰীয়া ক্ৰিকেটাৰ যুৱৰাজে 2017 চনত শেষবাৰৰ বাবে ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰাৰ লগতে আইপিএলৰ এই বছৰৰ সংস্কৰণত মুম্বাই দলৰ হৈ খেলিছিল ৷ অৰ্জুন আৰু পদ্মশ্ৰী সন্মানৰ অধিকাৰী ভাৰতীয় খেলুৱৈ গৰাকীয়ে 2007 চনৰ টি 20 বিশ্বকাপত 1 অ'ভাৰত ছয়টা ছয় কোৱাই অভিলেখ সৃষ্টি কৰিছিল ৷