অসম

assam

মহিলা ক্ৰিকেটৰ পৰা বিচিচিআইৰ ৰাজহ সংগ্ৰহ নহয় : স্মৃতি মন্ধানা

By

Published : Jan 23, 2020, 5:47 PM IST

Updated : Jan 28, 2020, 7:53 PM IST

পুৰুষ ক্ৰিকেটৰ পৰাহে মহিলা ক্ৰিকেটাৰে ৰাজহ লাভ কৰে বুলি মন্তব্য কৰে স্মৃতি মন্ধানাই ৷ লগতে তেওঁ কয় যে, মহিলা ক্ৰিকেটে বিচিচিআইক ৰাজহ প্ৰদান কৰিব নোৱাৰে ৷

ৰাজহ সন্দৰ্ভত স্মৃতি মন্ধানাৰ মন্তব্য
ভাৰতীয় মহিলা ক্ৰিকেট দল

স্পৰ্টছ ডেস্ক, 23 জানুৱাৰী: শেহতীয়াকৈ তাৰকা মহিলা ক্ৰিকেটাৰ স্মৃতি মন্ধানাই মন্তব্য কৰে যে, বিচিচিআইয়ে প্ৰদান কৰা চেকৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰিব নিবিচাৰে ৷ তেওঁ লগতে কয় যে, পুৰুষ ক্ৰিকেটাৰসকলে লাভ কৰা অৰ্থ সন্দৰ্ভতো তেওঁ চিন্তা কৰিব নিবিচাৰে ৷ পুৰুষ ক্ৰিকেটাৰসকলে লাভ কৰা অৰ্থৰ তুলনাত মহিলাসকলে অতি নগণ্য মানৰ অৰ্থ লাভ কৰে ৷ এই ভেদভাৱ সম্পৰ্কত মন্ধানাই কয় যে, মহিলা ক্ৰিকেটাৰে ইয়াক লৈ কোনো অভিযোগ নকৰে যিহেতু পুৰুষ ক্ৰিকেটৰ পৰাই মহিলাসকলে ৰাজহ লাভ কৰি আহিছে ৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত স্মৃতি মন্ধানাই কয়, "আমি বুজি পোৱা উচিত যে আমি লাভ কৰা ৰাজহ পুৰুষৰ ক্ৰিকেটৰ পৰাহে আহে ৷ যিদিনা মহিলা ক্ৰিকেটৰ পৰা আমি ৰাজহ লাভ কৰিবলৈ সক্ষম হ'ম সেইদিনা পুৰুষৰ সমানে সা-সুবিধা বিচৰা প্ৰথম মহিলা ক্ৰিকেটাৰ মই হ'ম ৷ বৰ্তমান আমি সেইটো ক'ব নোৱাৰো ৷"

বিৰাট কোহলীৰ সৈতে ভাৰতীয় মহিলা দলৰ সদস্য

উল্লেখ্য যে, পুৰুষ ক্ৰিকেটাৰে বিচিচিআইৰ বাৰ্ষিক চুক্তিত সৰ্বোচ্চ 7 কোটি টকালৈকে লাভ কৰাৰ বিপৰীতে মহিলা ক্ৰিকেটাৰে সৰ্বোচ্চ 50 লাখহে লাভ কৰিবলৈ সক্ষম হয় ৷ "নাভাবো যে মোৰ কোনো সতীৰ্থই এই বিভেদ সম্পৰ্কত চিন্তা কৰিছে কাৰণ সকলোৰে লক্ষ্য হৈছে দেশৰ বাবে খেলত জয়ী হোৱা, ষ্টেডিয়ামত ভিৰ গোটোৱা, ৰাজহ সংগ্ৰহ কৰা ৷ এই বস্তুবোৰতে বৰ্তমান আমি দৃষ্টি নিবদ্ধ কৰিছো আৰু এয়া কৰিবলৈ সক্ষম হ'লে সকলোবোৰ সঠিক স্থানলৈ আহিব ৷ ইয়াৰ বাবে আমি প্ৰদৰ্শন কৰিব লাগিব ৷ একে ধৰণৰ অৰ্থ বিচৰাটো অনুচিত হোৱাৰ লগতে আমাৰ অধিকাৰৰ বাহিৰত ৷ সেয়েহে ব্যৱধান সম্পৰ্কত কোনো মন্তব্য কৰিব নিবিচাৰো ৷"

অষ্ট্ৰেলিয়াত আৰম্ভ হ'বলগা বিশ্বকাপ টি-20 ৰ পূৰ্বে ভাৰতে এখন ত্ৰিদেশীয় শৃংখলাত অংশগ্ৰহণ কৰিব ৷ এই সম্পৰ্কত মন্ধানাই কয় যে, অহা মাহৰ বৃহৎ প্ৰতিযোগিতাখনৰ বাবে দল চূড়ান্ত কৰিবলৈ ত্ৰিদেশীয় শৃংখলাই সহায় কৰিব ৷

আৰু পঢ়ক : ডবাৰ ৰাণী কনেৰু হাম্পী

Last Updated : Jan 28, 2020, 7:53 PM IST

ABOUT THE AUTHOR

...view details