অসম

assam

By

Published : Jun 18, 2020, 6:18 PM IST

ETV Bharat / sports

অনুশীলন আৰম্ভ হ'লেই চালাইভা নিষিদ্ধৰ সমাধান উলিয়াব পাৰিম : উমেশ যাদৱ

আইচিচিয়ে কৰ'ণা ভাইৰাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ বলত থু অথবা চালাইভা নিষিদ্ধ ঘোষণাৰ পাচতেই এই সন্দৰ্ভত এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় বেগীবলাৰ উমেশ যাদৱে । অনুশীলন আৰম্ভ হ'লেই ইয়াৰ সমাধান উলিয়াই লোৱাৰ কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

will tackle saliva ban once practice starts says india fast bowler umesh
will tackle saliva ban once practice starts says india fast bowler umeshwill tackle saliva ban once practice starts says india fast bowler umesh

স্পৰ্টছ ডেস্ক, 18 জুনঃ কৰ'ণা ভাইৰাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আইচিচিৰ দ্বাৰা বলত থু অথবা চালাইভা ব্যৱহাৰৰ নিষেধাজ্ঞা জাৰি কৰাৰ পাচতেই অব্যাহত আছে বিভিন্ন লোকৰ বিভিন্ন প্ৰতিক্ৰিয়া । এই সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ বেগী বলাৰ উমেশ যাদৱে ।

উমেশ যাদৱে এক সাক্ষাৎকাৰত কৈছে, থুৰ অবিহনে অকস্মাতে খেলিবলৈ কিছু অসুবিধাৰ সৃষ্টি হ'ব । আমি এতিয়ালৈ অনুশীলন আৰম্ভ কৰা নাই । এবাৰ খেল পথাৰত নামিবলৈ সক্ষম হলেই, থুৰ অবিহনে বল কৰাৰ অনুশীলন আৰম্ভ কৰিলে তেতিয়া বুজি উঠিম ইয়াৰ কি প্ৰভাৱ পৰিব । মই নাজানো থু নিষিদ্ধৰ পাচত কিমান উজ্বল হৈ থাকিব বলটো ।

তেওঁ লগতে কয়, এদিনীয়া ক্ৰিকেটৰ বলটো যিহেতু কম চুইং হয় । সেয়ে টি-20 ক্ৰিকেটৰ বাবে উত্তম । কিন্তু আচল প্ৰত্যাহ্বান তেতিয়া সৃষ্টি হ'ব যেতিয়া টেষ্ট ক্ৰিকেটত অৱতীৰ্ণ হ'ম । যদি থুৰ ব্য়ৱহাৰত নিষেধাজ্ঞা দিয়া হৈছে তেন্তে চুইং লাভৰ বাবে অন্য বিকল্পৰ চিন্তা কৰাৰ প্ৰয়োজন । এবাৰ অনুশীলন আৰম্ভ কৰাৰ পাচত হে জানিবলৈ সক্ষম হ'ম কেনেকৈ ইয়াৰ সমাধান কৰিব লাগিব ।

আনহাতে লক ডাউনৰ পাচত দীৰ্ঘসময়ৰ বিৰতিৰ পাচত বলিং আৰু ফিল্ডিং কৰাত কিছু অসুবিধাৰ সৃষ্টি হ'ব বুলি কয় খেলুৱৈগৰাকীয়ে । 2011 চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত কেৰিয়াৰ আৰম্ভ কৰা উমেশ যাদৱে ভাৰতৰ হৈ বৰ্তমানলৈকে 46 খন টেষ্ট, 75খন এদিনীয়া আৰু 7 খন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত অংশ গ্ৰহণ কৰিছে ।

আনহাতে আইপিএল আয়োজনৰ সন্দৰ্ভত খেলুৱৈগৰাকীয়ে কয়, নিশ্চিত ভাৱে আইপিএলৰ আয়োজন হ'ব কাৰণ ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰত্যাৱৰ্তনৰ পূৰ্বে অনুশীলনৰ এটা উপযুক্ত মঞ্চ পোৱা যাব ।

ABOUT THE AUTHOR

...view details